NORTHEAST NOW (Assamese)
অসম

স্থল সেনা প্ৰধান বিপিন ৰাৱাটক দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ নিযুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 9:15 pm
Armed forces to salute Corona warriors, flowers to be showered from air over Gauhati Medical College Hospital, MMCH

বিগত স্বাধীনতা দিৱসত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই ভাৰতত স্থল, জল আৰু বায়ু সেনাৰ মুৰব্বী হিচাপে চীফ অব ডিফেন্স ষ্টাফ (চি ডি এছ) নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰাৰ পাছত ভাৰতীয় স্থল সেনা প্ৰধান বিপিন ৰাৱাটক দেশৰ প্রথম গৰাকী চীফ অব ডিফেন্স ষ্টাফ ৰূপে নিযুক্তি দিয়াটো নিশ্চিত হৈ পৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে চীফ অব ডিফেন্স ষ্টাফৰ অৱসৰৰ সময়সীমা ৬৫ বছৰ বুলি নিৰ্ধাৰণ কৰিছে।

ভাৰতীয় সেনা বাহিনীৰ সেনা প্ৰধান হিচাপে ৩১ ডিচেম্বৰত বিপিন ৰাৱাটৰ দায়িত্বভাৰ সামৰণি পৰাৰ পাছতে দেশৰ প্ৰথম গৰাকী চি ডি এছ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৰাৱাটে।

উল্লেখযোগ্য যে, ভাৰত-পাকিস্তানৰ মাজৰ কাৰ্গিল যুদ্ধৰ পাছতে চীপ অব ডিফেন্স ষ্টাফ নিযুক্তি দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

চীফ অৱ ডিফেন্স ষ্টাফে তিনিওটা সেনা বাহিনীৰ হৈ প্ৰত্যক্ষৰূপে নিৰ্ধাৰিত বিভাগক ৰিপোৰ্ট কৰিব আৰু স্থল, বায়ু  আৰু নৌ সেনা প্ৰধান সকলক বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়াব।