NORTHEAST NOW (Assamese)
অসম

দুখীয়া পৰিয়ালৰ মাজত গৰম কাপোৰ বিতৰণ ধৰ্মগুৰু ৰবি শংকৰৰ অনুগামীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 8:39 am
IMG-20191230-WA0030

দুখীয়া আৰু সমাজৰ পৰা বিশেষ সুবিধা লাভ নকৰা পৰিয়াল সমূহক হাড় কঁপোৱা জাৰৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যে সোমবাৰে ধৰ্মগুৰু শ্ৰী শ্ৰী ৰবি শংকৰজিৰ অনুগামী সকলে গৰম কাপোৰ বিতৰণ কৰে।

বিপুল প্ৰসাদ নামৰ এজন অনুগামীয়ে কয় যে সমাজৰ দুখীয়া শ্ৰেণীৰ পৰিয়াল সমূহে শিশুৰে হওক বা পৰিয়ালৰ আন সদস্যৰ বাবেই হওক তেওঁলোকক পৰ্যাপ্ত পৰিমানৰ গৰম কাপোৰ কিনি দিব নোৱাৰে সেয়ে আমি তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছো।

ধৰ্মগুৰু জনৰ ভক্তসকলে ৫০ গৰাকী পুৰুষ আৰু মহিলা উভয়কে গৰম চাদৰ আৰু শিশুসকলৰ বাবে কম্বল আৰু বান্দৰ টুপি বিতৰণ কৰে।

দেওবাৰৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰথমে ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত লখিমাৰী কানৰি পাৰ্ট ১ত গৰম কাপোৰ বিতৰণ কৰা হয়।

এই সন্দৰ্ভত বেংগালুৰুৰ পৰা শ্ৰী শ্ৰী ৰবি শংকৰজিৰ ভক্ত উদয় শৰ্মা (আচাৰ্য্য)ই কয়, ‘দুখীয়া-নিচলাৰ মাজত কম্বল তথা অন্য গৰম কাপোৰ বিতৰণৰ জৰিয়তে সমাজক সহানুভুতি, মৰম আৰু ত্যাগৰ বাৰ্তা দিব বিচাৰিছো’।

অনাগত দিনত জিলাখনৰ অন্য প্ৰান্তত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিপুল প্ৰসাদে।