NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, নাট্যকাৰ, সাহিত্যিক তথা অভিনেতা ৰত্ন ওজাৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 9:44 am
hqdefault

প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা ৰত্ন ওজাৰ আজি গুৱাহাটীত দেহাৱসান ঘটে।

কিছুদিন ধৰি অসুস্থ হৈ থকা ওজাৰ নিশা ১ বজাত ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

ৰত্ন ওজা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাধাৰণ পৰিষদৰ লগতে উত্তৰ-পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সৈতেও জড়িত আছিল। কলাক্ষেত্ৰৰ তেওঁ উপ সভাপতি পদো অলংকৃত কৰিছিল।

তেওঁ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰো উপ সভাপতি আছিল।

“গহ্বৰ’, “উৰ্বৰ’ আৰু “কবৰ’ এই তিনিখন উচ্চ মানৰ নাট ৰচনা কৰা ওজা গহ্বৰ নাট্যগোষ্ঠীৰো জনক আছিল।

বহুমুখী শিল্প প্ৰতিভাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ওজাই কেইবাখনো উপন্যাস আৰু কাব্যপুথিও ৰচনা কৰিছিল।

তেওঁ “নামঘৰ’ নামৰ তথ্যচিত্ৰ এখনো নিৰ্মাণ কৰিছিল। ৰত্ন ওজা অসমত বাটৰ নাটৰো বাটকটীয়া আছিল।

বৰপেটা জন্মগ্ৰহণ কৰা ৰত্ন ওজাই নটসূৰ্য বঁটা আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা বঁটাৰেও সন্মানিত হৈছিল।

অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ৰত্ন ওজাৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰায়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসম নাট্য সন্মিলনে ওজাৰ মৃত্যুত তিনিদিনীয়া শোক পালন কৰাৰো সিন্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অগাধ ভালপোৱা আৰু শ্ৰদ্ধা ৰখা অশীতিপৰ ওজাক শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও সৰৱ হোৱা দেখা গৈছিল।