NORTHEAST NOW (Assamese)
অসম

অনলাইনযোগে প্ৰকাশ কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 9:46 am
Assam-TET-Results

অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ টেট পৰীক্ষাৰ ফলাফল অনলাইনযোগে প্ৰকাশ কৰিছে।

মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবা আৰু ssa,gov.in নামৰ ৱেবছাইট দুটাত পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ ফলাফল সমূহ চাব পাৰিব।

ছেবাৰ ৱেবছাইটত এনেদৰে চাব ফলাফল

১. প্ৰথমে আপুনি sebaonline.orgত যাব লাগিব

২. আছাম টেট ২০১৯ৰ ৰিজাল্ট লিংকত ক্লিক কৰক

৩. লিংকত বিচৰা তথ্য প্ৰদান কৰক

৪. ফলাফল ডাউনলোড কৰক

জানিব পৰা মতে ১৮,৯০৬ গৰাকী পৰীক্ষাৰ্থী নিম্ন প্ৰাথমিকত আৰু ১৫,৩০৪ গৰাকী পৰীক্ষাৰ্থী উচ্চ প্ৰাথমিকত উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে প্ৰায় সাত বছৰৰ মূৰত ৰাজ্য চৰকাৰে যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত কৰিছিল আজি ফলাফল ঘোষণা কৰা উচ্চ আৰু নিম্ন প্ৰাথমিকৰ টেট পৰীক্ষা।

পৰীক্ষাত মুঠ ৩,৭৬,৮১২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২,১৮,১৬৪ গৰাকী নিম্ন প্ৰাথমিক আৰু ১,৫৮,৬৪৮ গৰাকী অৱতীৰ্ণ হৈছিল উচ্চ প্ৰথমিক পৰীক্ষাত।

অসমীয়া, বড়ো, বাঙালী, হিন্দী আৰু ইংৰাজীত ভাষা অনুষ্ঠিত কৰা হৈছিল অসম টেট ২০১৯।