NORTHEAST NOW (Assamese)
অসম

খেলি থকাৰ সময়তে কৰুণ মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী ফুটবলাৰে; মৃত্যুৰ পূৰ্বে দিছিল কিহৰ ইংগিত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 11:00 am
shutterstock_1396798973

দেশৰ অন্যতম প্ৰসিদ্ধ ফুটবল ক্লাৱ মোহন বাগান আৰু ইষ্টবেংগলক প্ৰতিনিধিত্ব কৰা ফুটবলাৰ ধনৰাজন ৰাধাকৃষ্ণনৰ কেৰালাৰ পেৰিনতালমন্নাত ফুটবল খেল খেলি থকাৰ সময়তে মৃত্যু হয়।

খেলি থকাৰ মাজতে ধনৰাজন হাৰ্ট এটেকত আক্ৰান্ত হয়। মৃত্যুৰ সময়ত ধনৰাজনৰ বয়স ৩৯ বছৰ আছিল।

এফ চি পেৰিনতালমন্নাৰ হৈ দেওবাৰে সন্ধিয়া সস্থা মেডিকেলছ এফ চি ত্ৰিশূৰৰ বিৰুদ্ধে খেলা চেভেনছ ফুটবল টুৰ্নামেন্টৰ খেলখনত ডিফেণ্ডাৰ ধনৰাজন খেলৰ মাজতে মূৰ্চা গৈ ঢলি পৰে।

তেওঁক ততাতয়াকৈ ওচৰৰ হাস্পাতললৈ লৈ যোৱা হয়।

সেবন্স ফুটবল টুৰ্নামেন্টখন কেৰালাৰ চেভেনছ ফুটবল এছোচিয়েশ্যনে আয়োজন কৰিছিল।

হাস্পাতলৰ সূত্ৰ অনুসৰি নিশা ১০ বাজি ২০ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

খেলখনৰ ২৭ মিনিটত ধনৰাজন মূৰ্চা গৈ ঢলি পৰে। ইয়াৰ পূৰ্বে তেওঁ বাওহাতখন দাঙি কিবা ইংগিত দিছিল।

সৰ্ব ভাৰতীয় ফুটবল সংস্থ্যই ধনৰাজনৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

ধনৰাজনে চিৰাগ য়ুনাইটেডৰ জৰিয়তে নিজৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ১১ বছৰ ধৰি পেশাগতভাৱে ফুটবল খেলিছিল। ধনৰাজনে সন্তোষ ট্ৰফীতো বেংগলক প্ৰতিনিধিত্ব কৰিছিল।

মোহন বাগান আৰু ইষ্ট বেংগলৰ উপৰি তেওঁ ২০১২ৰ পৰা ২০১৪ লৈকে মহামেডান স্পৰ্টিং ক্লাৱকো প্ৰতিনিধিত্ব কৰিছিল।