NORTHEAST NOW (Assamese)
Popular Stories

ভাৰততকৈ পাকিস্তানৰ ক্ৰিকেটাৰসকল বেছি প্ৰতিভাৱান : আব্দুল ৰাজ্জাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2021 4:19 pm

ভাৰততকৈ পাকিস্তানৰ ক্ৰিকেটাৰসকল বেছি প্ৰতিভাৱান।- এই মন্তব্য পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ আব্দুল ৰাজ্জাকৰ।

দেশখনৰ এটা সংবাদ প্ৰতিষ্ঠানে প্ৰাক্তন অলৰাউণ্ডাৰজনক সুধিছিল যে ভাৰতৰ অধিনায়ক বিৰাট কোহলী আৰু পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ ভিতৰত কোনজনক তেওঁ প্ৰাধান্য দিয়ে।

”ভাৰতীয় খেলুৱৈসকলৰ স’তে পাকিস্তানৰ খেলুৱৈসকলক কেতিয়াও তুলনা কৰিব নোৱাৰি কাৰণ পাকিস্তানৰ বেছি প্ৰতিভাৱান খেলুৱৈ আছে।”- ৰাজ্জাকে কয়।

মহম্মদ য়ুছুফ, ইনজামাম-উল-হক, চয়ীদ আনোৱাৰ, জাভেড মিয়াদাদ, জাহিৰ আব্বাজ আৰু ইজাজ আহমেদৰ উদাহৰণ দাঙি ধৰি ৰাজ্জাকে কয় যে যদি পাকিস্তাৰ ক্ৰিকেট ইতিহাসলে লক্ষ্য কৰা যায়, তেন্তে দেখা যায় যে পাকিস্তানে অসংখ্য ক্ৰিকেট প্ৰতিভা লাভ কৰিছে।

তদুপৰি ৰাজ্জাকে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজক খেল হোৱা উচিত আৰু তেতিয়াহে কোহলী আৰু আজমৰ মাজত ভালদৰে তুলনা কৰিব পৰা যাব।

দুয়োজনকে তেওঁ পৃথক শৈলীৰ বেটছমেন বুলিও তেওঁ কয়।

উল্লেখযোগ্য সাম্প্ৰতিক ক্ৰিকেট বিশ্বত কোহলী আৰু আজম দুয়োজনকে শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়।

আনহাতে ১৯৯৬ চনৰ পৰা ২০১৩ চনলৈকে পাকিস্তানৰ হৈ প্ৰতিনিধিত্ব কৰা আব্দুল ৰাজ্জাকে (৪১) ৪৬থন টেষ্ট. ২৬৫খন এদিনীয়া আৰু ৩২খন টি২০ত অংশগ্ৰহণ কৰিছিল।