NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত ভয়াৱহ সংঘৰ্ষ: নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2023 1:10 pm
Two Army personnel killed in Jammu Kashmir

জম্মু-কাশ্মীৰৰ কুলগামত চলি থকা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ৫ সন্ত্ৰাসবাদী সদস্য। কাশ্মীৰ আৰক্ষীয়ে আজি সদৰী কৰিছে এই তথ্য।

এই অভিযানৰ সময়ত বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলিও জানিবলৈ দিছে আৰক্ষীয়ে।

আৰক্ষী আৰু চি আৰ পি এফৰ এই যৌথ অভিযান চূড়ান্ত পৰ্যায়ত আছে বুলি এক টুইট যোগে সদৰী কৰিছে আৰক্ষীয়ে। নিহত সন্ত্ৰাসবাদী কেইজন লস্কৰ-ই-তৈবা গোটৰ সদস্য বুলি সন্দেহ কৰা হৈছে।

এই যৌথ অপাৰেচনত সেনাবাহিনীৰ ৩৪ ৰাষ্ট্ৰীয় ৰাইফল আৰু ৯ পাৰা ইউনিটো জড়িত হৈ আছে বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি কুলগাম জিলাৰ ডি এইচ পোৰা চহৰৰ ছামনো অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।

অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল।

এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই উল্লেখ কৰিছিল।

সংঘৰ্ষস্থলীত আৱদ্ধ সন্ত্ৰাসবাদীৰ দলটো আঁতৰি যাব নোৱাৰাকৈ নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ চাৰিওফালে যোৱা নিশা ঘেৰাও কৰি ৰাখিছিল বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।