NORTHEAST NOW (Assamese)
অসম

বুমেৰাং হ’ল চৰকাৰী প্ৰচাৰাভিযান; CAAৰ সপক্ষে নহয়, বিপক্ষেহে ছচিয়েল মিডিয়াত ধুমুহা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 12:48 pm
images

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ সমৰ্থনত এক ছচিয়েল মিডিয়া প্ৰচাৰাভিযান আৰম্ভ কৰাৰ সময়তে ইয়াৰ বিপৰীতে আৰম্ভ কৰা #IndiaDoesNotSupportCAA (ভাৰতে কা সমৰ্থন নকৰে অভিযানে) ছচিয়েল মিডিয়া তথা টুইটাৰত অধিক প্ৰসাৰ লাভ কৰে।

বৰ্তমান #IndiaDoesNotSupportCAA সোমবাৰৰ নিশাৰ পৰা বিশ্বৰ চাৰিটা শীৰ্ষ ট্ৰেণ্ডৰ মাজত টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত আছে।

তদুপৰি মঙলবাৰে পুৱাৰ ভাগলৈকে ই ভাৰতৰ অন্যতম শীৰ্ষ ট্ৰেণ্ডৰ মাজত আছে। মঙলবাৰে ৰাতিপুৱা ৪.৪৪লাখ টুইটেৰে ই শীৰ্ষ স্থানত আছে।

প্ৰকৃততে #IndiaDoesNotSupportCAA কেম্পেইন আৰম্ভ কৰা হৈছিল বিজেপিয়ে সোমবাৰে আৰম্ভ কৰা #IndiaSupportsCAA কেম্পেইনৰ প্ৰত্যুত্তৰ।

চৰকাৰৰ বহু উচ্চ পদস্থ নেতাই অংশগ্ৰহণ কৰা #IndiaSupportsCAAত আধ্যাত্মিক গুৰু সদগুৰু জাগ্গি বাসুদেৱৰ এটা ভিডিঅও সংলগ্ন কৰা হৈছিল।

#IndiaDoesNotSupportCAA ট্ৰেণ্ডত আইনখনৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰা হৈছে আৰু দেশজুৰি হোৱা প্ৰতিবাদৰ প্ৰতিফলন ঘটিছে।

উক্ত কেম্পেইনৰ সমৰ্থকসকল উৎসাহিত হৈ পৰিছে কিয়নো প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীকে ধৰি সদগুৰু তথা শাসকীয় দলৰ সমৰ্থকসকলে #IndiaSupportsCAAত হাত উজান দিয়াৰ পাছতো #IndiaDoesNotSupportCAAয়ে ইয়াক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

এগৰাকী য়ুজাৰে #IndiaDoesNotSupportCAA ত প’ষ্ট কৰিছে,’’আপুনি কৰ পৰিশোধ কৰে কিন্তু PAN নাগৰিকত্বৰ প্ৰমান নহয়। আপুনি বায়’মেট্ৰিকছ দিলে কিন্তু আধাৰ নাগৰিকত্বৰ প্ৰমান নহয়।আপুনি বিদেশলৈ ভ্ৰমণ কৰে কিন্তু পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমান নহয়।আপুনি নিৰ্বাচনত ভোট দিয়ে কিন্তু ভোটাৰ আই ডি নাগৰিকত্বৰ প্ৰমান নহয়।মই CAAৰ সম্পূৰ্ণ বিৰোধিতা কৰো।‘’

এইদৰে #IndiaSupportsCAAৰ ১.২২ লাখ টুইটক অতিক্ৰমি #IndiaDoesNotSupportCAAত ৩.৩৩ লাখ টুইট আহে আৰু সেইদৰে চৰকাৰী প্ৰচাৰ ম্লান হৈ পৰে।