NORTHEAST NOW (Assamese)
Popular Stories

বছৰৰ অন্তিম দিনটোত শিক্ষা মন্ত্ৰীক সাক্ষাৎ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 31, 2019 4:30 pm

আজি ৩১ ডিচেম্বৰত “সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ” ৰ এক সঁজাতি দলে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক সাক্ষাৎ কৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি  বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ সন্দৰ্ভত আলোচনা কৰে।

আলোচনাকালত সংগঠনটোৱে  ঠিকাভিত্তিক টেট শিক্ষকক বিনাৰ্চতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ এক ১৬ পৃষ্ঠাজোৰা ‘আধাৰ নীতি’ (Modality) শিক্ষামন্ত্ৰীক দাখিল কৰে। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সংগঠনটোৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিডে এই কথা জনায়।

আনহাতে যোৱা ২০ নৱেম্বৰত শিক্ষা মন্ত্ৰীৰ সৈতে হোৱা আলোচনা সভাৰ লিখিত কাৰ্য্যবিৱৰণী শিক্ষা মন্ত্ৰীয়ে স্বাক্ষৰ কৰা বুলি তেওঁলোকক জনায় বুলিও ৰচিদে সদৰী কৰে। জানুৱাৰীৰ প্ৰথম সপ্তাহত কাৰ্য্যবিৱৰণীখন আনুষ্ঠানিকভাৱে লাভ কৰাৰ পিছতে তাত থকা সকলো বিষয় ৰাজহুৱাকৈ অৱগত কৰা হ’ব বুলিও ৰচিদে জানিবলৈ দিয়ে।

প্ৰায় ৩৫ মিনিট ধৰি হোৱা আলোচনাৰ পাছত টেট শিক্ষকৰ অন্য কিছু সমস্যা যেনে- নিম্ন প্ৰাথমিকৰ বৰ্দ্ধিত হাৰৰ গ্ৰেড-পে, বেংক লোন আদিৰ ক্ষেত্ৰত ইতিমধ্যে ধনাত্মক পদক্ষেপৰ সিদ্ধান্ত লোৱাৰ  কথা মন্ত্ৰীয়ে সংগঠনক অৱগত কৰে বুলিও তেওঁ জনায়।

তেওঁ কয় ‘নৱবৰ্ষত ঠিকাভিত্তিক টেট শিক্ষকৰ বহু দিনীয়া সমস্যাৰ অন্ত পৰক; সেয়াই আশা কৰিলোঁ। অনাগত সময়বোৰত টেট উত্তীৰ্ণ শিক্ষক সকলে শিক্ষা বিভাগ আৰু ৰাইজৰ সহযোগত অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষাব্যৱস্থাক নতুন গতি দিবলৈ সক্ষম হ’ব বুলি আমি বিশ্বাস ৰাখিলোঁ।‘