NORTHEAST NOW (Assamese)
অসম

ভাৰত সীমান্তত মোবাইল নেটৱৰ্ক বন্ধ কৰিলে বাংলাদেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2020 1:06 pm
788-750x375

বাংলাদেশ টেলিকমিউনিকেচন ৰেগুলেটৰী কমিশ্যন (বি টি আৰ চি)য়ে ভাৰত-বাংলাদেশ সীমান্তৰ দাঁতিকাষৰীয়া সকলো অঞ্চলৰ মোবাইল নেটৱৰ্ক বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

কিছু সুৰক্ষাজনিত কাৰণৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হোৱা বুলি বি টি আৰ চিয়ে জনাইছে।

এই নিৰ্দেশৰ ভিত্তিতে ভাৰতৰ সীমাৰপৰা এক কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ পৰা দেশখনৰ এলেকাৰ মোবাইল নেটৱৰ্ক সোমবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে।

২৯ ডিচেম্বৰত বি টি আৰ চিয়ে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত জ্যেষ্ঠ বিষয়া এজনে নৰ্থ-ইষ্ট নাওৰ আগত কয় যে দেশৰ প্ৰধান সুৰক্ষা এজেন্সি নেশ্যনেল চিকিউৰটি ইণ্টেলিজেন্স (এন এছ আই)ৰ বিস্তাৰিত প্ৰতিবেদনৰ ভিত্তিতে ‘ব’ৰ্ডাৰ নেটৱৰ্ক’ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল।

এন এছ আইৰ প্ৰতিবেদন অনুসৰি নাগৰিকত্ব সংশোধনী আইনৰ বাবে বহু ভাৰতীয় মুছলমানে নাগৰিকত্ব কৰ্তন হোৱাৰ আশংকাত বাংলাদেশত প্ৰৱেশ কৰিছে।

ইতিমধ্যে ভাৰতৰ পূব আৰু উত্তৰ-পূব প্ৰান্তৰ পৰা বহু মুছলমান লোকে বাংলাদেশত প্ৰৱেশ কৰা বুলি সুৰক্ষা সংস্থাটোৰ প্ৰতিবেদনে দাবী কৰিছে।

জানিব পৰা মতে সীমা এলেকাত প্ৰায় ২০০ মোবাইল নেটৱ’ৰ্কৰ টাৱাৰ আছে। ইয়াৰ উপভোক্তাৰ সংখ্য প্ৰায় ১ কোটি।

দেশৰ সুৰক্ষা আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টেলিকম কোম্পানী সমূহলৈ বি টি আৰ চিয়ে এই জাননী জাৰি কৰিছে।

উল্লেখ্য যে টেলিকম কোম্পানী সমূহে পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে ব’ৰ্ডাৰ এলেকাত মোবাইল নেটৱৰ্কৰ সেৱা বন্ধ থাকিব।