NORTHEAST NOW (Assamese)
Popular Stories

SBI টীয়ক শাখাৰ দুজন বিষয়ালৈ গ্ৰীন চেনেল উৎকৃষ্ট আঁচনিৰ অধীনত শ্ৰেষ্ঠ বঁটা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 1, 2020 6:56 pm

যোৰহাট জিলাৰ টীয়কৰ ভাৰতীয় ষ্টেট বেংকৰ টীয়ক কৃষি উন্নয়ন শাখাৰ দুজন বিষয়াই কৃষি লোণ প্ৰদান, কৃষি উন্নয়নৰ বিভিন্ন আদিত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে SBIৰ গ্ৰীন চেনেল উৎকৃষ্ট আঁচনিৰ অধীনত যোৰহাট জ’নৰ ভিতৰত শ্ৰেষ্ঠ বিবেচিত হৈছে।

বিষয়া দুগৰাকী হৈছে উপ মুখ্য প্ৰৱন্ধক গৌতম হাজৰা আৰু কৃষি উন্নয়ন বিষয়া চনিয়া ভূঞা।

যোৱা ৩০ ডিচেম্বৰত ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট জ’নৰ মুখ্য কায্যালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টীয়ক কৃষি উন্নয়ন শাখাৰ বিষয়া দুজনক বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষই পুৰস্কাৰ প্ৰদান কৰি বিশেষভাৱে সন্মানিত কৰে।

উল্লেখযোগ্য যে SBIৰ গ্ৰীন চেনেল উৎকৃষ্ট আঁচনিৰ অধীনত যোৰহাট জ’নৰ অন্তৰ্গত আন দুজন বিষয়া সুশান্ত বল্লভ হাজৰিকা (চামুগুৰি) আৰু চুচেন চুতীয়া (গোলাঘাট) কো উক্ত অনুষ্ঠানতে পুৰস্কৃত কৰা হয় l

ভাৰতীয় ষ্টেট বেংকৰ টীয়ক কৃষি উন্নয়ন শাখাৰ বিষয়া দুজনৰ সফলতাত টীয়ক শাখাৰ সমূহ কৰ্মচাৰী তথা গ্ৰাহকসকলে অভিনন্দন জনাইছে।