NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষৰ প্ৰথম দিনটোত ভাৰতত জন্ম হ’ল বিশ্বৰ ভিতৰতে সৰ্বাধিক নৱজাতকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2020 7:33 pm
baby-month-1-your-newborn-guide-722x406-1501654224

২০২০বৰ্ষৰ প্ৰথমটো দিনত ভাৰতত জন্ম গ্ৰহণ কৰা নৱজাতকৰ সংখ্যাই বাকী দেশবোৰক পাছ পেলাই অভিলেখ গঢ়িলে।

য়ুনিছেফৰ তথ্য অনুসৰি এই দিনটোত ভাৰতত জন্মগ্ৰহণ কৰা নৱজাতকৰ সংখ্যা হ’ল ৬৭,৩৮৫ টি।

ভাৰতৰ পাছতে এইক্ষেত্ৰত ৪৬,২৯৯টি শিশুৰ জন্ম গ্ৰহণেৰে দ্বিতীয় স্থানত আছে চীন।

আনহাতে, য়ুনিছেফৰ অনুমান অনুসৰি, ২০১৯ৰ পৰা ২০৫০চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা ২৭ৰ পৰা ৩০ কোটি বৃদ্ধি পাব পাৰে।

ইপিনে নাইজেৰিয়াৰ জনসংখ্যাও এই সময়ছওৱাত ২০ কোটি বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে য়ুনিছেফে।

কোৱা হৈছে যে এই দুখন দেশতেই সমগ্ৰ বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ ২৩ শতাংশ হ’ব।

তথ্য অনুসৰি এতিয়াও ভাৰতৰ জনসংখ্যা চীনতকৈ কম। কিন্তু ভাৰতত ২১ হাজাৰ অধিক শিশু এইবাৰ জন্ম গ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে প্ৰতিটো নতুন বছৰৰ প্ৰথমটো দিনত জন্ম গ্ৰহণ কৰা শিশুসকলক য়ুনিছেফে আদৰণি জনায়।

এইবাৰ নতুন বছৰেই নহয়, নতুন দশকৰো আৰম্ভণি হোৱাৰ বাবে বিশেষভাৱে আদৰণি জনোৱা হয় শিশুসকলক।

য়ুনিছেফে জানিবলৈ দিয়া মতে ২০২০ বৰ্ষৰ পহিলা জানুৱাৰিত সমগ্ৰ বিশ্বত মুঠ ৩লাখ ৯২ হাজাৰ ৭৮ টি শিশুৰ জন্ম হৈছে।

ভাৰত আৰু চীনৰ পাছতে এই তালিকাত আছে নাইজেৰিয়া (২৬,০৩৯), পাকিস্তান (১৬,৭৮৭), ইন্দোনেচিয়া (১৩,০২০), আমেৰিকা (১০,৪৫২) আদি দেশ।