NORTHEAST NOW (Assamese)
দেশ

অৰবিন্দ কেজৰিৱাল ‘কট্টৰ বেইমান’ : নিৰ্বাচনৰ পূৰ্বে আপক তুলাধূনা নৰেন্দ্ৰ মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2025 6:06 pm
অৰবিন্দ কেজৰিৱাল ‘কট্টৰ বেইমান’ : নিৰ্বাচনৰ পূৰ্বে আপক তুলাধূনা নৰেন্দ্ৰ মোদীৰ

আৰু কিছুদিন পিছতেই অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে আপক সমালোচনাৰে থকা-সৰকা কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ‘কট্টৰ বেইমান’ বুলি তীব্ৰ সমালোচনা কৰে।

লগতে মোদীয়ে কয় যে যোৱা ১০ বছৰ ধৰি দিল্লীক এটা দুৰ্যোগে আগুৰি ধৰিছে। কিছুমান কুসংস্কাৰপূৰ্ণ অসাধু লোকে আন্না হাজাৰৰ দৰে লোকক সন্মুখত ৰাখি দিল্লীক দুৰ্যোগৰ দিশে ঠেলি দিছে।

শুকুৰবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ বীৰ চাভাৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনকে ধৰি একাধিক উন্নয়নমূলক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত আপ নেতা কেজৰিৱালক লক্ষ্য কৰি লয় মোদীয়ে।

দিল্লীৰ ৰামলীলা মৈদানত আয়োজন কৰা এক অনুষ্ঠানত মোদীয়ে কয় যে আপ চৰকাৰে দিল্লীৰ শিশুসকলৰ শিক্ষা আৰু ভৱিষ্যতৰ বিষয়ে একো চিন্তা কৰা নাই।

মোদীয়ে অভিযোগ কৰে যে কেজৰিৱালৰ চৰকাৰে কেন্দ্রীয় চৰকাৰে পঠোৱা ধনৰ আধাও শিক্ষা খণ্ডত খৰচ নকৰিলে৷ লগতে দলটোৰ বিৰুদ্ধে থকা আবকাৰী দুৰ্নীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰে মোদীয়ে।