NORTHEAST NOW (Assamese)
Popular Stories

মাতৃ আৰু চাৰি ভগ্নীক হত্যাৰ পূৰ্বে চালে অজয় দেৱগণৰ ‘দৃশ্যম’ ! কিয় বাছি লোৱা হ’ল এই সিদ্ধান্ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2025 6:29 pm

এইটো সঁচা যে যুৱকজনে মাক আৰু চাৰিগৰাকী ভগ্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল, কিন্তু কিয় হত্যা কৰিলে সেই ৰহস্য ভেদ হোৱা নাই। হত্যাকাণ্ডৰ কিছু সময়ৰ পাছতে অভিযুক্ত আৰছাদে এটা ভিডিঅ ৰেকৰ্ডিং কৰে। তাত স্থানীয় ৰাইজে তেওঁৰ মাতৃ আৰু ভগ্নীসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল বুলি তেওঁ দাবী কৰে। মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছিল তেওঁলোক। তেওঁলোকৰ কোনো ক্ষতি হব বুলি তেওঁ সদায় আশংকা কৰিছিল। আৰু সেই ভয়েই মাক আৰু চাৰিগৰাকী ভগ্নীক হত্যা কৰিলে।

তদন্তকাৰীয়ে সন্দেহ কৰিছে যে কেৱল আৰ্শ্বাদ আৰু তেওঁৰ পিতৃয়েই নহয়, আন লোকো এই ঘটনাত জড়িত। আৰু তদন্তকাৰীয়ে সেই দিশত আগুৱাই নিব বিচাৰে। আৰ্ছাদক সোধা-পোছা কৰাৰ পাছত তদন্তকাৰীয়ে গম পায় যে তেওঁ অপৰাধমূলক চিনেমা আৰু ধাৰাবাহিক চাই ভাল পায়। তেওঁৰ প্ৰিয় ছবিখন হৈছে অজয় ​​দেৱগনে অভিনীত ‘দৃশ্যম। এই ছবিখন তেওঁ ১০ বাৰ দেখা বুলি তদন্তকাৰীক জনাইছে আৰশ্বাদে। ছবিখনৰ প্ৰতিটো শব্দ তেওঁৰ ওঁঠত।

তদন্তকাৰীয়ে জানিব পাৰিছে যে তেওঁ ৩০ ডিচেম্বৰত আগ্ৰাৰ পৰা লক্ষ্ণৌলৈ ৰাওনা হৈছিল মাতৃ আৰু ভগ্নীক হত্যা কৰিবলৈ। সেইদিনা সন্ধিয়া লক্ষ্ণৌৰ চৰবাগ ষ্টেচনত নামি মাক, চাৰিজনী ভগ্নী আৰু দেউতাকৰ সৈতে হোটেল এখনত উঠিল। হোটেলখনৰ ১০৯ নম্বৰ ৰুম বুকিং কৰিলে। ৩১ ডিচেম্বৰৰ সন্ধিয়া সকলোৱে চৰবাঘত ঘূৰি ফুৰিছিল। আৰছাদে ৰাতি বাহিৰৰ পৰা খাদ্য আনিছিল। মাক আৰু চাৰিগৰাকী ভগ্নীয়ে খাদ্যৰ লগত টোপনিৰ বড়ি মিহলাই দিলে। সেই খাদ্য খোৱাৰ পাছত পাঁচোজন মানুহ গভীৰ টোপনিত পৰিল।

তদন্তকাৰীয়ে জানিব পাৰিছে যে খাদ্য খোৱাৰ পিছত মাতৃ আৰু চাৰি ভগ্নী টোপনি যায়, প্ৰথমে চাৰি ভগ্নীৰ বাহুৰ শিৰা কাটি পেলায়। ইয়াৰ পাছতে ওৰণিৰে ডিঙি চেপি ধৰিলে। কিন্তু মাকৰ হাতৰ শিৰাটো কটা নাছিল। মাত্ৰ ডিঙি চেপি হত্যা কৰা হৈছে। তদন্তত এনে তথ্য পোহৰলৈ আহিছে।