NORTHEAST NOW (Assamese)
অসম

হৰ্ছ ট্ৰেডিং! বিজেপি নাইবা ইউপিপিএলত যোগদানৰ পূৰ্ণ সম্ভাৱনা তামুলপুৰৰ ‘নিৰুদ্দিষ্ট’ বিপিএফ প্রাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 31, 2021 9:16 pm
a tamu

যেন যৱনিকা পৰিবলৈ ওলাইছে তামুলপুৰৰ বিপিএফ প্রাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ ‘নিৰুদ্দেশে’ হোৱাৰ কাহিনী।

শেহতীয়াকৈ জানিব পৰা মতে বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ এৰি বিজেপিৰ মিত্ৰজোঁট ইউপিপিএলত যোগদানৰ প্ৰস্তুতি চলাইছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি প্ৰাৰ্থীগৰাকীয়ে সেইমৰ্মে গুৱাহাটীত বাহৰ পাতিছে আৰু আজি নিশাই তেওঁ ইউপিপিএলত যোগদান কৰিব পাৰে।

উল্লেখ্য ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিপএফ দলৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰী ওৰফে ৰামদাস বসুমতাৰী নিৰুদ্দেশ হৈ পৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাৰ্থী গৰাকীক কোনোবা প্ৰতিপক্ষ দলে হাইজেক কৰা বুলি বিপিএফৰ নেতা কৰ্মী সকলে আজি অভিযোগ কৰিছিল। কাৰণ আজি পুৱাৰ পৰাই তামুলপুৰত বিচাৰি পোৱা নাই প্ৰাৰ্থী গৰাকীক।

ইপিনে ৰংজা খুঙ্গুৰ বসুমতাৰীয়ে অন্য দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চলিছে আৰু এই বিষয়ে শেহতীয়াকৈ বিভিন্ন সংবাদমাধ্যমত বাতৰিও প্ৰকাশ পাইছে।

অৱশ্যে প্ৰাৰ্থীগৰাকীৰ তৰফৰ পৰা এতিয়ালৈকে এই বিষয়ত কোনো কথা স্পষ্টকৈ জনোৱা হোৱা নাই।

শেহতীয়া তথ্য অনুসৰি প্ৰাৰ্থী গৰাকী এতিয়া গুৱাহাটীৰ হোটেল লিলিত থকা বুলি জানিব পৰা গৈছে। আন দলত যোগদান কৰিলেও অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে বিপিএফৰ নাঙৰ প্ৰতীকতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব।

কাৰণ তেওঁ এতিয়া আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নোৱাৰে। প্ৰাৰ্থীগৰাকীৰ এনে স্থিতিয়ে এতিয়া শলঠেকত পেলাইছে বিপিএফক। অৱশ্যে সকলো কথা স্পষ্ট হ’ব আৰু কিছু ঘণ্টাৰ পিছতহে।