NORTHEAST NOW (Assamese)
দেশ

 লাডাখৰ ভূখণ্ডত চীনৰ ২খনকৈ নতুন প্ৰদেশ, তীব্ৰ প্ৰতিবাদ ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2025 6:46 pm
 লাডাখৰ ভূখণ্ডত চীনৰ ২খনকৈ নতুন প্ৰদেশ, তীব্ৰ প্ৰতিবাদ ভাৰতৰ

পুনৰ উত্তপ্ত ভাৰত-চীন সীমান্ত। যোৱা বছৰৰ অক্টোবৰ মাহত দুয়োখন দেশৰ মাজত লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সৈন্য প্ৰত্যাহাৰ সন্দৰ্ভত এক চুক্তিত উপনীত হৈছিল। ভাৰত-চীনে ডেমচাক, দেপছাঙৰ দৰে কেইবাটাও অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছিল। কিন্তু সীমান্তৰ পৰিস্থিতি একেবাৰে শান্ত হোৱা নাই। চীনে লাডাখৰ ভূখণ্ডৰ সৈতে ২খন নতুন প্ৰদেশ সৃষ্টি কৰিছে!

উল্লেখ্য যে চীনে হোটান প্ৰদেশত ২খন নতুন প্ৰদেশ গঠনৰ কথা ঘোষণা কৰিছে। কিন্তু ইয়াৰে যথেষ্ট অঞ্চল ভাৰত অধীকৃত লাডাখৰ অংশ।

ভাৰতৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে। তেওঁ কয়, “আমি লক্ষ্য কৰিছো যে চীনে হোটান প্ৰদেশত ২খন নতুন প্ৰদেশ সৃষ্টিৰ কথা ঘোষণা কৰিছে। কিন্তু ইয়াৰে যথেষ্ট অঞ্চল আমাৰ লাডাখৰ অংশ। চীনৰ এই দখল আমি কেতিয়াও মানি নলওঁ।”

কূটনৈতিক পৰ্যায়ত এই আগ্ৰাসনৰ প্ৰতিবাদ কৰাৰ কথা কয় ৰণধীৰে। তেওঁ কয় যে চীনে নতুন প্ৰদেশ সৃষ্টি কৰিলেও ভাৰতৰ স্থিতিৰ কোনো পৰিৱৰ্তন নহ’ব। লাডাখৰ সেই অংশ আমাৰ আছিল আৰু আমাৰ হৈ থাকিব। আমি কূটনৈতিকভাৱে এই কাণ্ডৰ প্ৰতিবাদ কৰিম।’