NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতিৰ সজাগতাৰ বাৰ্তা লৈ অসমৰ পৰা দিল্লীলৈ পদযাত্ৰা অসম কন্যাৰ

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস January 3, 2020 8:25 am
WhatsApp Image 2020-01-02 at 6.07.56 PM

“প্ৰকৃতি থাকিলেহে পৃথিৱী থাকিব” এই  বাৰ্তা প্ৰচাৰৰ লগতে কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বনমন্ত্ৰীক প্ৰেৰণ কৰাৰ লক্ষ্যৰে অসম কন্যা এগৰাকীয়ে চৰাইদেউৰ পৰা দিল্লীলৈ আৰম্ভ কৰিছে পদযাত্ৰা৷

যোৱা ১ ডিচেম্বৰত চৰাইদেউ ময়দানৰ পৰা পদযাত্ৰা আৰম্ভ কৰা চৰাইদেউ জিলাৰ নিজৰা ফুকন নামৰ যুৱতী গৰাকীয়ে বহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত বৰপেটা জিলাৰ সৰভোগত উপস্থিত হয় ৷

“বৃক্ষবন্ধু” নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সম্পাদিকা নিজৰা ফুকন নামৰ যুৱতী গৰাকীয়ে সৰভোগত উপস্থিত হৈ জনায় যে, এই যাত্ৰাত তেওঁ ৬ খন ৰাজ্যৰ প্ৰায় ২,২৫০ কিল’মিটাৰ দূৰত্ব খোজকাঢ়ি প্ৰায় ৫০ হাজাৰ লোকক প্ৰত্যক্ষভাৱে পৰিবেশ সুৰক্ষাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিব ৷

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বনমন্ত্ৰীক সাক্ষাৎ কৰি ২০২০ বৰ্ষৰ ভিতৰত সমগ্ৰ দেশত সংবিধানৰ আধাৰত “প্ৰকৃতিৰ অধিকাৰ আইন” প্ৰনয়ণ কৰি বলবৎ কৰা, জৈৱ বৈচিত্ৰৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমখন “পৰিবেশ বিশ্ববিদ্যালয়” স্থাপন কৰাৰ লগতে মুঠ ৮ টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

পদযাত্ৰা কৰি অহা যুৱতী গৰাকীক বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় একাংশ লোকে সৰভোগলৈ আদৰি আনে ৷