NORTHEAST NOW (Assamese)
অসম

ভাৰত-শ্ৰীলংকাৰ টী-২০ মেচ: গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৪গৰাকী তাৰকা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 3, 2020 10:47 am
WhatsApp Image 2020-01-03 at 10.20.28 AM(1)

অহা ৫ জানুৱাৰি দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ টী-২০ খেলখনৰ বাবে আজি কেইগৰাকীমান ভাৰতীয় দলৰ খেলুৱৈ আহি মহানগৰীত উপস্থিত হয়।

আজু পুৱা ৮ ৩০ বজাত বৰঝাৰ বিমানবন্দৰত খেলুৱৈ কেইগৰাকী আহি উপস্থিত হয় ।

বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজনক লৈ লৈ যোৱা হৈছে ৰেডিছন ব্লুলৈ। বিমানবন্দৰৰ পৰা প্ৰায় ৯:১৫ বজাত হোটেল ৰেডিচন ব্লু অভিমুখে ৰাওনা হয় দলটো।

খেলুৱৈকেইজনৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে।

বৰ্তমানলৈ গুৱাহাটীত উপস্থিত খেলুৱৈ ৱাছিংটন সুন্দৰ, জে বুমৰাহ, সঞ্জয় চেমচনকে ধৰি ৪জন ভাৰতীয় ক্ৰিকেট দলৰ সদস্য।

আনহাতে, আজি বিয়লিভাগত আহি উপস্থিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি দলটোৰ বাকী সকলো সদস্য।

উল্লেখ্য যে অহা ৫ জানুৱাৰিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব এখন টি-২০ ক্ৰিকেট মেচ।

৫ জানুৱাৰিত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ বাবে যিসকল দৰ্শকে অনলাইনযোগে টিকট বুক কৰিছে তেওঁলোকৰ হাৰ্ডকপি সমূহ ইতিমধ্যে বুধবাৰৰ পৰা আয়োজকসকলে নেহৰু ষ্টেডিয়ামত প্ৰদানৰ ব্যৱস্থা কৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাবে টি-২০ মেচখনত দৰ্শকৰ সংখ্যা পূৰ্বতে হৈ যোৱা দুখন খেলৰ তুলনাত কম হ’ব বুলি বহুতে ধাৰণা কৰা হৈছে।