NORTHEAST NOW (Assamese)
অসম

অসমীয়াগিৰি: মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সকলো কাম কাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2020 9:57 am
Justice-Web-412x216

ইংৰাজী নৱবৰ্ষত ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশগৰাকীয়ে অসমীয়া ভাষা ব্যৱহাৰ সন্দৰ্ভত এক নিৰ্দেশনাৰ জৰিয়তে আদৰ্শ দেখুৱালে।

যিসময়ত অসমৰ ৰাজপথত ৰাজ্যখনৰ অসমীয়া জনসাধাৰণে ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈছে, তেনে সময়তে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশগৰাকীয়ে আদালতৰ সকলো কাম কাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ দি প্ৰকৃত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে।

ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিত কুমাৰ বৰুৱাই বৃহস্পতিবাৰে (২ জানুৱাৰি,২০২০) এক নিৰ্দেশনা যোগে ৰাজ্য ভাষা আইনৰ প্ৰতি সন্মান জনাই আদালতৰ সকলো কাম কাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।

WhatsApp Image 2020-01-03 at 8.57.30 AM
মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিত কুমাৰ বৰুৱাই দিয়া নিৰ্দেশনাটো।

নিৰ্দেশনাটোত মুখ্য ন্যায়িক দণ্ডাধীশ গৰাকীয়ে আদালতৰ সকলো কাম যেনে দৰ্খাস্ত, টোকা আদিত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।

নিৰ্দেশটোত কোৱা হৈছে,’’ ইয়াৰ দ্বাৰাই ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ সকলো কৰ্মচাৰী বৃন্দক কোৱা হ’ল যে কাৰ্যালয়ৰ সকলো কৰ্মত যেনে- দৰ্খাস্ত, কাৰ্যালয়ৰ টোকা আদিত চৰকাৰী ভাষা আইন (Assam Official Language Act) মতে(যথাসম্ভৱ) অসমীয়া ভাষা ব্যৱহাৰ কৰা হওক।‘’

অসমীয়া ভাষাৰ সংকটক লৈ অসমবাসী উদ্বিগ্ন হৈ থকাৰ সময়তে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ গৰাকীৰ এই নিৰ্দেশনাই বিশেষ চৰ্চা লাভ কৰিছে।

বহুতেই মুখ্য ন্যায়িক দণ্ডাধীশগৰাকীৰ এনে আদৰ্শ তথা দৃঢ়তাক প্ৰকৃত অসমীয়াগিৰি বুলি অভিহিত কৰিছে।