NORTHEAST NOW (Assamese)
Popular Stories

চমৎকাৰ! শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন; প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2023 7:18 am
চমৎকাৰ! শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন; প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

মডাৰ্না ফাৰ্মাচিউটিকেলে দাবী কৰিছে যে মাৰাত্মক কৰ্কট ৰোগৰ লগতে হৃদৰোগ আৰু অটোইম্যুন ৰোগৰ দৰে ৰোগ প্ৰতিৰোধৰ ভেকচিন আহি আছে।

এই দশকৰ শেষৰ ফালে এই ভেকচিন বজাৰলৈ আহিব পাৰে বুলি দাবী কৰা হৈছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত কেন্সাৰ, কাৰ্ডিঅ’ভাস্কুলাৰ, অটোইম্যুন আদি ৰোগৰ ভেকচিন সাজু হ’ব।

লগতে পঢ়ক: Yamaha-ই দেশত মুকলি কৰিলে নতুন মেক্সি স্কুটাৰ আৰু বাইক! দাম ১.৪৩ লাখৰ পৰা আৰম্ভ

বিশেষজ্ঞসকলে কয়, ইয়াৰ জৰিয়তে লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিব। দাবী কৰা হৈছে যে টিকাকৰণৰ ওপৰত গৱেষণাৰ অসাধাৰণ ফলাফল পোৱা গৈছে। একাংশ গৱেষকে ইয়াৰ বাবে কৰ’না ভেকচিনৰ সফলতাৰ কথা কৈছে।

ফাৰ্মাচিউটিকেল কোম্পানী মডাৰ্নাৰ মুখ্য চিকিৎসা বিষয়া পল বাৰ্টনে দাবী কৰিছে যে তেওঁৰ কোম্পানীয়ে পাঁচ বছৰৰ ভিতৰত ‘সকলো ধৰণৰ ৰোগ’ৰ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ’ব।

ইয়াৰ পূৰ্বে মডাৰ্নাই কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰিছিল। এতিয়া বিভিন্ন প্ৰকাৰৰ টিউমাৰক লক্ষ্য কৰি কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰা হৈছে।

লগতে পঢ়ক: ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

বাৰ্টনে কয় যে আমাৰ হাতত অতি ফলপ্ৰসূ ভেকচিন থাকিব। কোটি কোটি নহ’লেও লাখ লাখ লোকৰ জীৱন ৰক্ষা পৰিব।