NORTHEAST NOW (Assamese)
Popular Stories

পুৰুষৰ এই চাৰিটা গুণে বলিয়া কৰে নাৰীক, কৈছে চাণক্যই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 18, 2023 7:00 am

আচাৰ্য চাণক্যই নিজৰ নীতিত জীৱনৰ লগত জড়িত সকলো বিষয়তে নিজৰ মত আৰু পৰামৰ্শ মুকলিকৈ প্ৰকাশ কৰিছে। চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত নাৰীপুৰুষৰ বিষয়েও যথেষ্ঠ মূল্যৱান পৰামৰ্শ দিছে। চাণক্যই পুৰুষৰ এনে চাৰিটা গুণৰ কথা কৈছে যিকেইটা গুণ সকলো পুৰুষৰে থকা উচিত। এইকেইটা গুণ থকা পুৰুষৰ প্ৰতি নাৰীসকল সহজেই আকৃষ্ট হয়।

জানো আহক চাণক্যই কোৱা কি সেই চাৰিটা গুণ

সততা : চাণক্য নীতি অনুসৰি সৎ পুৰুষে পত্নী বা প্ৰেমিকৰ পৰা একো লুকুৱাই নাৰাখে। এনে পুৰুষ বৰ শান্ত। মহিলাসকলে এনে পুৰুষক ভাল পায়। এনে এজন সৎ পুৰুষৰ লগত সম্পৰ্ক বজাই ৰখাত নাৰীৰ আগ্ৰহ বেছি।

ভাল শ্ৰোতা : সকলো মহিলাই বিচাৰে যে তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ কথা শান্তভাৱে শুনিব আৰু তেওঁলোকৰ মতামতক গুৰুত্বসহকাৰে ল’ব। মহিলাসকলে ভাল পায় যেতিয়া তেওঁলোকৰ সংগীয়ে তেওঁলোকৰ সৰু সৰু কথাবোৰ শুনি থাকে। এনে পুৰুষৰ লগত নাৰী সহজেই প্ৰেমত পৰে।

ভাল আচাৰব্যৱহাৰ : চাণক্যই কৈছে যে নাৰীয়ে যেতিয়াই জীৱন সংগী বাছি লয় তেতিয়াই বাহ্যিক সৌন্দৰ্য্যতকৈ অন্তৰ্নিহিত সৌন্দৰ্য্যক বেছি মূল্য দিয়ে। এজন মানুহৰ স্বচ্ছ মনটোৱে তেওঁলোকক আকৰ্ষণ কৰে। মহিলাসকলে উৎকৃষ্ট ব্যক্তিত্ব থকা, মানুহৰ লগত ভাল ব্যৱহাৰ কৰা পুৰুষক বেছি পছন্দ কৰে।

আত্মসন্মানৰ যত্ন : চাণক্যৰ মতে মহিলাসকলে এনে পুৰুষ বিচাৰে যিয়ে নিজৰ সংগীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে আৰু নাৰীৰ আত্মসন্মানক মূল্য দিয়ে। বিশেষকৈ মহিলাসকলে এনে স্বভাৱৰ পুৰুষক ভাল পায়।

নিৰাপত্তা: যিসকল পুৰুষে নাৰীক নিৰাপত্তা প্ৰদান কৰে, তেওঁলোকৰ সকলো প্ৰয়োজনৰ যত্ন লয়, তেওঁলোকক নাৰীয়ে ভাল পায়। পুৰুষৰ ওচৰত সকলো নাৰীয়েই নিৰাপত্তা বিচাৰে।