NORTHEAST NOW (Assamese)
দেশ

চাঞ্চল্য! ঘৰৰ সমীপত প্ৰস্ৰাৱ কৰাৰ বাবে মহিলাৰ যৌনাংগত ভয়ানক আক্ৰমণ চুবুৰীয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2023 9:41 pm
Woman Hit On Her Private Parts

উত্তৰ প্ৰদেশত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। ৰাজ্যখনৰ চাহজাহানপুৰত চুবুৰীয়াৰ ভয়ানক আক্ৰমণত জীৱন সংকটাপন্ন হৈ পৰিছে এগৰাকী মহিলাৰ।

প্ৰকাশিত খবৰ অনুসৰি, মহিলাগৰাকীয়ে এজন চুবুৰীয়াৰ ঘৰৰ ওচৰতে প্ৰস্ৰাৱ কৰা বুলি অভিযোগ তুলি চুবুৰীয়া লোকজনে তেওঁৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। লাহে লাহে দুয়োৰে মাজৰ বিবাদ শাৰীৰিক আক্ৰমণলৈ গতি কৰে।

এই কাজিয়াৰ মাজতে চুবুৰীয়া লোকজনে লোহাৰ ৰড ব্যৱহাৰ কৰি মহিলাগৰাকীৰ যৌনাংগত আঘাত কৰে আৰু এই ভয়ানক আক্ৰমণত মহিলাগৰাকী অজ্ঞান হৈ পৰে।

এই ঘটনা চাহজাহানপুৰৰ ৰাম চন্দ্ৰ মিছন থানা এলেকাৰ এখন গাঁৱত। স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়।

সংকটজনক অৱস্থাত মহিলাগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি সদৰী কৰি আৰক্ষী বিষয়াজনে আইপিচিৰ সংশ্লিষ্ট শাখাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।