কা বিৰোধী প্ৰতিবাদৰ শংকা! গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ খেলত নাথাকিব কোনো বেনাৰ-পোষ্টাৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টী-২০ মেচত কোনো বেনাৰ-পোষ্টাৰ বা মেচেজ বোৰ্ডৰ অনুমতি দিয়া নহয়।
শুকুৰবাৰে অসম ক্ৰিকেট সন্থাৰ সচিব দেবজিৎ শইকীয়াই সাংবাদিকক এই কথা জানিবলৈ দিয়ে।
আনহাতে, “4” আৰু “6” লিখা প্লেকাৰ্ডৰো অনুমতি দিয়া নহ’ব কিয়নো ইয়াত কোনো ভাড়াতীয়া বিজ্ঞাপন ব্যৱহাৰ হ’ব পাৰে। তদুপৰি, ভিতৰত মাৰ্কাৰ পেনৰো অনুমতি দিয়া নহয়।
শইকীয়াই জানিবলৈ দিয়া মতে, অকল পুৰুষৰ ৱালেট, মহিলাৰ হেণ্ডবেগ,মোবাইল ফোন আৰু গাড়ীৰ চাবিহে খেলপথাৰৰ ভিতৰত নিয়াৰ অনুমতি দিয়া হ’ব।
ইপিনে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত এম পি গুপ্তাই এই নিৰ্দেশনা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই বুলি জানিবলৈ দিয়ে।
সচিব শইকীয়াই এইটো এটা আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান বুলি উল্লেখ কৰি ইয়াত উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
শইকীয়াই উদাহৰণস্বৰূপে ২০১৭’ত শিল দলিয়াই অষ্ট্ৰেলিয়া দলৰ বাছৰ খিৰিকি ভঙাৰ প্ৰসংগ দাঙি ধৰে।
সেয়া যিয়েই নহওক, ভিতৰি নাগৰিকত্ব বিৰোধী প্ৰতিবাদৰ আশংকাই যে ক্ৰিকেট মেচৰ আয়োজকৰ নিদ্ৰা হৰিছে সেই কথা স্পষ্ট হৈ পৰিছে।
খেলৰ সময়ত দৰ্শকৰ মাজৰ পৰা এনে প্ৰতিবাদৰ সম্ভাৱনা নাইকীয়া কৰিবৰ বাবেই সুৰক্ষাৰ দোহাই দি এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি এক সূত্ৰই জানিবলৈ দিয়ে।