NORTHEAST NOW (Assamese)
অসম

আকৌ মৃত্যুক সাৱটিলে আন এগৰাকী ডিটেনশ্যন কেম্পৰ দুৰ্ভগীয়া বন্দীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2020 12:34 pm
Detention Camp

ৰাজ্যৰ ডিটেনশ্যন কেম্পত থকা আন এগৰাকী দুৰ্ভগীয়া লোকে পুনৰ মৃত্যুক সাৱটি ল’বলগীয়া হয়।

শুকুৰবাৰে নিশা ৫০ বছৰ বয়সত ডিটেনশ্যন কেম্পত বন্দী হিচাপে থকা নৰেশ কোঁচ নামৰ লোকজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱটি লয়।

শাৰীৰিকভাৱে অসুস্থ হৈ পৰা কোঁচক দহ দিন পূৰ্বে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল।

অবৈধ অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰণ হোৱাৰ পাছতে নৰেশ কোঁচক ডিটেনশ্যন কেম্পলৈ লৈ যোৱা হৈছিল।

‘‘যেতিয়া প্ৰশাসনক সন্তুষ্ট কৰাৰ বাবে নথি-পত্ৰ দেখুৱাবলগীয়া হয় তেতিয়া প্ৰায়ে দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ লোকে ইয়াৰ দুৰ্ভোগ ভোগ কৰিবলগীয়া হয়,’’ কোঁচৰ মৃত্যুত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

এইক্ষেত্ৰত আপুনি কোনো ধৰ্মৰ সেয়া বিচৰ্য্য বিষয় নহয় বুলিও গগৈয়ে কয়।

উল্লেখযোগ্য যে, নৰেশ কোঁচৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন ডিটেনশ্যন কেম্পত ২৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ ছয়খন ডিটেনশ্যন চেণ্টাৰত ১০০০ গৰাকী লোক আছে।