NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল দুই অপৰহণকাৰী; অস্ত্ৰ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2020 7:34 pm

কাৰ্বি আংলং জিলাৰ দোলামৰা আৰক্ষী থানাৰ এটা দলে আজি দোলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দাধৰা গাঁৱৰ পৰা দুগৰাকী অপহৰণকাৰীক আটক কৰে।

আটকাধীন অপহৰণকাৰী দুগৰাকীক জিলাখনৰ দোলামৰাৰ লাংটুক টেৰাং গাঁৱৰ বিদ্যা সিং টেৰাং আৰু চৰসিং টেৰাং গাঁৱৰ লিচন টেৰাং বুলি চিনাক্ত কৰা হয়।

তেওঁলোকৰ বিৰুদ্ধে যোৱাত ৮ ডিচেম্বৰত মৰিগাঁৱৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত দৈতালবাৰীৰ আব্দুল কাডিৰৰ পুত্ৰ ইক্ৰামুল হকক অপহৰণ কৰাৰ অভিযোগ আছে।

আৰক্ষীৰ সূত্ৰৰ মতে লোকজনক দলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মলশি নিহানঘাটত অৱস্থিত এখন দলং নিৰ্মাণৰ কাম চলি থকা এটা শ্ৰমিকৰ কেম্পৰ পৰা অপহৰণ কৰা হৈছিল।

অৱশ্যে পিছত ১৬ ডিচেম্বৰত জখলাবন্ধা আৰক্ষী থানাৰ জগদম্বা চাহ বাগিচাৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয়।

ধৃত অপহৰণকাৰী দুগৰাকীৰ বিৰুদ্ধে দলামৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৪ ধাৰাৰ অধীনত ৪/১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

সোধা-পোচাৰ পিছত অপহৰণকাৰী দুগৰাকীৰ পৰা আৰক্ষীয়ে লঙ্ঘুজাৰ পাহাৰত লুকুৱাই থোৱা এটা খজা বন্দুক, গুলী আৰু গান পাউডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।