তাৰকা মল্লযোদ্ধা বিনেশ ফোগট ক’ৰ’না প’জিটিভ

বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা মল্লযোদ্ধা বিনেশ ফোগটৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
তাৰকা মল্লোযোদ্ধা গৰাকীয়ে নিজেই ক’ৰ’না প’জিটিভ হোৱা বুলি প্ৰকাশ কৰিছে।
”মোৰ পৰিয়ালৰ সকলো লোক হোম আইশ্যলেশ্যনত আছে। বিগত সময়ছোৱাত মোৰ আৰু মোৰ পৰিয়ালৰ লোক সকলৰ সংস্পৰ্শলৈ অহা প্ৰতি গৰাকী লোকক ক’ৰ’না পৰীক্ষা কৰাৰ বাবে অনুৰোধ কৰিছো। সকলোৱে সুস্থ হৈ থাকক,” বিনেশ ফোগাটে এইদৰে টুইট কৰে।
২৬ বছৰীয়া বিনেশ ফোগট একমাত্ৰ ভাৰতীয় মহিলা মল্লযোদ্ধা যিয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।
অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় খেলুৱৈ সকলে ল’কডাউনৰ পাছত ক্ৰমান্বয়ে নিজৰ অনুশীলন আৰম্ভ কৰিছে।
বহুসংখ্যক তাৰকা খেলুৱৈয়ে ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ব্যক্তিগতভাৱে অনুশীলন অব্যাহত ৰাখিছে।
You may also like
কোকৰাঝাৰ বিজুলী কাৰ্যালয়ত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ য়ুনিয়নৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট
কোকৰাঝাৰত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ কৰ্মচাৰীয়ে আজি দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ বিজুলী কাৰ্যালয় চৌহদত পুৱা ১০-০০ বজাৰ পৰা…
পথ দুৰ্ঘটনাত মৃত্যু হৈছিল এজনৰঃ পথত পৰি থকা মৃতদেহ মহতিয়ালে কেইবাখনো বাহনে
ঘন কুঁৱলীৰ বাবে এক হৃদয় বিদাৰক ঘটনাৰ সাক্ষী হৈছে উত্তৰ প্ৰদেশ। এই ঘটনাৰ খবৰে শিহৰিত কৰি তুলিছে সকলোকে। আগ্ৰাৰ সমীপত সংঘটিত হৈছে…
কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই, কিন্তু কিয়?
ফাগুনৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত বলিবলৈ লোৱা পচোৱা বতাহৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি জ্বলোৱাৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়া আৰম্ভ হয় ৷ চলিত বৰ্ষতো…
ব’লব’মলৈ যাওঁতে পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত হৈ শিল্পী সুস্মিতা ৰায়সহ অসমৰ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু
পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত কোকৰাঝাৰৰ একেটা পৰিয়ালৰ চাৰিজন সদস্যই থিতাতে মৃত্যুক…