NORTHEAST NOW (Assamese)
দেশ

পথ দুৰ্ঘটনাত মৃত্যু হৈছিল এজনৰঃ পথত পৰি থকা মৃতদেহ মহতিয়ালে কেইবাখনো বাহনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2024 8:12 pm
Uttar Pradesh's Agra accident

ঘন কুঁৱলীৰ বাবে এক হৃদয় বিদাৰক ঘটনাৰ সাক্ষী হৈছে উত্তৰ প্ৰদেশ। এই ঘটনাৰ খবৰে শিহৰিত কৰি তুলিছে সকলোকে। আগ্ৰাৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, আগ্ৰাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। ৰাস্তাত পৰি থকা মৃতদেহটো ইখনৰ পিছত সিখন বাহনে চেপি ধৰে মহতিয়াই নিয়ে।

আন্ধাৰ আৰু ঘন কুঁৱলীৰ বাবে পথত পৰি থকা মৃতদেহটো কোনো চালকৰ চকুত পৰা নাছিল। যাৰ ফলত পথটোৰে গৈ থকা ট্ৰাকসহ আন সৰু বাহনসমূহৰ চকাই থেতেলিয়াই পেলায় মৃতদেহটো।

মৃতদেহৰ অংশসমূহ প্ৰায় ৫০০ মিটাৰ পৰ্যন্ত পথটোত সিঁচৰতি হৈ পৰে। অৱশেষত অনাময় কৰ্মীৰ সহযোগত আৰক্ষীয়ে বেলচাৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰে।

স্থানীয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, হাত আৰু আঙুলিলৈ লক্ষ্য কৰি মৃত ব্যক্তিজনৰ বয়স প্ৰায় ৪০ বছৰ বুলি অনুমান কৰা হৈছে।

মৃতদেহটো সম্পূৰ্ণ ছেদেলি-ভেদেলি হৈ পৰাৰ বাবে স্বাভাৱিকতেই আৰক্ষীয়ে এতিয়াও জানিব পৰা নাই মৃত লোকজনৰ পৰিচয়।

ইফালে দেহৰ কোনো অংশ ভালদৰে উদ্ধাৰ নোহোৱাৰ বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলেও ইয়াৰ দ্বাৰা কিমান লাভ হ’ব,সেই সন্দৰ্ভতো আৰক্ষী নিশ্চিত নহয় বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।