NORTHEAST NOW (Assamese)
অসম

‘চাৰিওপিনে কেমেৰা থাকিলেহে কাম কৰে তেওঁ’; প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ অনুৰাগ কাশ্যপৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2020 10:25 am
anuragkashyapandPMModiMAIN

কিছুদিন পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত কটাক্ষ কৰি ৰোষত পৰিছিল চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপ।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফ ডি চি)ৰ নিয়ম বহিৰ্ভূত বিত্তীয় লেনদেনৰ অভিযোগত পৰিচালকগৰাকীক চি বি আইৰ তদন্তৰ সন্মুখীন হোৱাৰ বাতৰিও ওলাইছিল।

কিন্তু একোৱে বাধা দিব পৰা নাই অনুৰাগক। পূৰ্বৰ দৰেই বক্ৰোক্তি ভৰা ভাষাৰে আক্ৰমণ চলাইছে  প্ৰধান মন্ত্ৰী মোদীক।

এইবাৰ টুইটাৰত অনুৰাগে হিন্দীতে লিখিছে: ‘’কেতিয়াবা কেতিয়াবা ভাব হয় পাকিস্তান নামৰ ভূখণ্ড নাথাকিলে হয়তো মোদীজীৰ ওচৰত ক’বলৈ একো নাথাকিলেহেঁতেন। তেওঁ তেতিয়াহে কাম কৰে যেতিয়া তেওঁৰ চাৰিওপিনে কেমেৰা থাকে।‘’

অনুৰাগ কাশ্যপৰ মোদী বিৰোধী কটাক্ষ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁ মোদীৰ বিৰুদ্ধে কেইবাবাৰো সৰৱ হৈছিল।

শেহতীয়াভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অনুৰাগে মোদী চৰকাৰক ভয়াতুৰ, অহংকাৰী তথা ক্ষমতালোভী বুলি অবিহিত কৰিছিল।

বলীউদৰ বিশিষ্ট পৰিচালকগৰাকীয়ে কৈছিল: ‘’নৰেন্দ্ৰ মোদীয়ে সকলো সময়তে কংগ্ৰেছক দোষ দিয়ে। আজি নিজেই তেওঁ ইন্দিৰা গান্ধীৰ দৰে কাম কৰিছে। আৰু অমিত শ্বাহে সঞ্জয় গান্ধীৰ চৰিত্ৰ লৈছে। তেনেক্ষেত্ৰত তেওঁলোকৰ সৈতে কংগ্ৰেছৰ পাৰ্থক্য ক’ত?’’

দেশজুৰি চলা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদতো যোগ দিছে অনুৰাগ কাশ্যপে। ইয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়াৰো অনুমান কৰিছে সচেতন মহলে।