NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত চুৰি কাণ্ড

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম September 9, 2021 2:29 pm
tamu

বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হ’ল চুৰি কাৰ্য।

আজি পুৱা দহ বজাত কাৰ্যালয়ত কৰ্মচাৰী উপস্থিত হোৱাত পোহৰলৈ আহে এই চুৰি কাৰ্য।

মহকুমা উপ-পৰিদৰ্শক কৰুণা কান্ত ভট্টই জনোৱা মতে চোৰে কাৰ্যলয়খনৰ খিৰিকীৰ ৰড কাটি সংঘটিত কৰে এই চুৰি কাণ্ড।

কাৰ্যালয়ত মজুত আছিল নতুনকৈ অনা আধাৰ কাৰ্ড বনোৱা মেচিন,কম্পিউটাৰ,ফেন আৰু বহু মূল্যবান সামগ্ৰী।
কাৰ্যলয়টোৰ পৰা প্ৰায় দহ লক্ষ্য টকাৰ সামগ্ৰী চোৰে চুৰ কৰি নিয়া বুলি জানিব দিছে উপ-পৰিদৰ্শক গৰাকীয়ে।

আনহাতে উপ পৰিদৰ্শক গৰাকী নিশ্চিত নহয় যে এই চুৰি কাৰ্য যোৱা নিশা সংঘটিত হৈছিল নে মঙ্গলবাৰে নিশা সংঘটিত হৈছিল এই চুৰি কাৰ্য।

কাৰণ বুধবাৰে গুৰুজনাৰ তিৰোভাৱ তিথি থকাৰ বাবে কাৰ্যালয় বন্ধ আছিল আৰু উপ- পৰিদৰ্শক গৰাকীয়ে কালি কাৰ্যালয়ত উপস্থিত হৈছিল যদিও সামগ্ৰী থকা কোঠাত প্ৰৱেশ কৰা নাছিল ।

ইতিমধ্যে এই চুৰি কাৰ্যৰ বিষয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।