NORTHEAST NOW (Assamese)
অসম

অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন; সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2021 2:20 pm
Sarbananda_Sonowal-750x375

 

বৃহস্পতিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে বিভিন্ন ৰাজ্যৰ খালী হৈ থকা ৬খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি, অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

অহা ৪ অক্টোবৰত অসম, পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীৰ খালী থকা ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে মাজুলীৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এতিয়া সাংবিধানিকভাৱে সোণোৱাল সাংসদৰূপে নিৰ্বাচিত হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে।

আনহাতে, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছত ৰাজ্যসভাৰ এখন আসন অসমত খালী হৈ আছে। সেয়ে খালী হৈ থকা এই আসনখনত সৰ্বানন্দ সোণোৱালক বিজেপিয়ে বিজয়ী কৰি নিয়াটো নিশ্চিত হৈ পৰিছে।

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি, নিৰ্বাচনৰ বাবে ১৫ ছেপ্টেম্বৰত অধিসূচনা জাৰি কৰা হ’ব আৰু মনোনয়ন দাখিলৰ অন্তিম দিন নিৰ্দ্ধাৰণ কৰা হৈছে অহা ২২ ছেপ্টেম্বৰ। সেইদৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম অহা দিন ২৭ ছেপ্টেম্বৰ।

তামিলনাডুত দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে অসম, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীত এখনকৈ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন হ’ব।