NORTHEAST NOW (Assamese)
অসম

কেৱল ইছলামিক সাহিত্য সভা নহয়, ৰাজ্যত আৱিৰ্ভাৱ হৈছে “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2020 7:57 pm
All Assam Hindu Sahitya Sabha

“অসম ইছলামিক সাহিত্য সভা”ই ছ’চিয়েল মিডিয়া তোলপাৰ লগোৱাৰ পিছত ৰাজ্যত “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”ৰ আৱিৰ্ভাৱে সৃষ্টি কৰিছে আন এটা জোকাৰনিৰ।

আৰ এছ এছৰ পতাকা এখনৰ ছবিৰ সৈতে ছপোৱা “সদৌ অসম হিন্দুত্ব সাহিত্য সভা” নামৰ সংগঠন এটাৰ এখন প্ৰচাৰ পত্ৰ ছ’চিয়েল মিডিয়াত চৰ্চাৰ বাবে ব্যাপক হাৰত শ্বেয়াৰ কৰা দেখা গৈছে।

“অসম ইছলামিক সাহিত্য সভা”ক লৈ তীব্ৰ আপত্তি কৰা প্ৰায়সকল লোকেই “সদৌ অসম হিন্দুত্ব সাহিত্য সভা”ৰ ক্ষেত্ৰতো বিৰূপ প্ৰতিক্ৰিয়া দি অসমত ধৰ্ম-কেন্দ্ৰিক তৎপৰতাৰ প্ৰতি নিজৰ বিৰাগ প্ৰকাশ কৰিছে।

বিশেষকৈ সাহিত্য ধৰ্ম-ভিত্তিক নহয় বা হোৱা অনুচিত বুলি মত আগ বঢ়াইছে বিভিন্নজনে।

অসমত ধৰ্ম ভিত্তিক সাহিত্য সভাৰ উপস্থিতি তেনেই নতুন কথা আৰু অসমৰ মানুহে এই দুয়োটা কথাকে সহজভাৱে যে লোৱা নাই তাৰ প্ৰমাণ দাঙি ধৰিছে এই পোষ্টবোৰৰ ভাষ্য আৰু তাত কৰা মন্তব্য বোৰে।

ধৰ্মই সমাজখনক শেষ কৰিলে বুলি বহুজনক খেদ প্ৰকাশ কৰাও দেখা গৈছে।

আনহাতে আজি শিৱসাগৰত বীৰ লাচিত সেনাই ইছলামিক সাহিত্য সভা আৰু হিন্দুত্ব সাহিত্য সভাৰ ঘোৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে ওলাই আহিবলৈ সকলোকে আহ্বান জনায়।

এখন সংবাদমেল দি সংগঠনটোৰ বিষয়ববীয়াই কয়, “ধৰ্মৰ নামত সাহিত্য সভা সৃষ্টি হ’বলৈ নিদিওঁ”।

কোনেও যাতে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা নকৰে, তাৰ বাবে সকীয়াই দিয়ে সংগঠনটোৱে।