NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ ছৰাইখোলাত বৰ্ণিল সাংস্কৃতিক কাৰ্য্যসূচীৰে প্ৰথম কমতাপুৰ মিউজিক ফেষ্টিভেল সম্পন্ন

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী January 7, 2020 7:59 pm
Music Festival

অসমৰ ভুমি পুত্ৰ কোঁচ-ৰাজবংশী জনগোষ্ঠী সকলৰ কলা সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত দাঙি ধৰি জনগোষ্ঠীটোৰ মাজত নতুন জাগৰণ গঢ়াৰ লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাৱে বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চৰাইখোলাত আজি এদিনীয়া  বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা ন কমতাপুৰ মিউজিক ফেষ্টিভেলৰ সফল সামৰণি পৰে।

লক্ষণীয় দিশ যে, কমতাপুৰ মিউজিক ফেষ্টিভেল আয়োজনৰ মূল লক্ষ্য হৈছে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ বিলুপ্ত কলা সংস্কৃতিক বিশ্বৰ দৰবাত তুলি ধৰি জনগোষ্ঠীটোৰ ঐতিহ্যমণ্ডিত কলা কৃষ্টিক জীয়াই ৰখা।

এই লক্ষ্যৰে আজি ৰাতিপুৱা ছৰাইখোলা প্ৰাথমিক বিদ্যালয়ৰ বাখাৰত কোচ-ৰাজবংশী সকলৰ জাতীয় পতাকা উত্তোলন কৰে প্ৰথম কমতাপুৰ মিউজিক ফেষ্টিভেল আয়োজন সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ অধিকাৰীয়ে।

স্মৃতি তৰ্পন কৰে কোচৰাজবংশী সাংস্কৃতিক সমাজৰ সভাপতি বুদ্ধেশ্বৰ ৰায়ে।

আনহাতে, সন্ধিয়া আয়োজিত সাংস্কৃতিক সন্ধিয়াত অবিভক্ত গোৱালপৰীয়া জিলাৰ শিল্পীৰ লগতে পশ্চিম বংগৰ শিল্পী দলেও নৃত্য গীত পৰিবেশন কৰে।

তদুপৰি, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  কোঁচ-ৰাজবংশী সকলৰ কলা সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়োৱা ১২ গৰাকী প্ৰতিথযশা শিল্পীক একোখন কৈ প্ৰশস্তি পত্ৰ আৰু জাতীয় গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সমগ্ৰ অনুষ্ঠানত কোঁচ-ৰাজবংশী সাহিত্য সভা, আক্ৰাছু, ৰাজবংশী বুদ্ধিজীৱি আৰু সচেতন বয়জেষ্ঠ্যৰ লগতে যথেষ্ট সংখ্যক লোক উপস্থিত থাকে।