NORTHEAST NOW (Assamese)
অসম

কোচবিহাৰৰ মধুপুৰ সত্ৰত আৰম্ভ হ’ল মধুপুৰ মহোৎসৱ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস January 9, 2020 7:28 am

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মধুপুৰ সত্ৰ সমিতিয়ে আয়োজন কৰা শ্ৰীমন্ত শঙ্কৰদেৱ মধুপুৰ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৷

কোচবিহাৰৰ উৎসৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানত মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস,শিক্ষাবিদ ৰবিন দাস, ধুবুৰী জিলা প্ৰশাসনৰ শৈল্যেন দাস আৰু অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰ উপস্থিত থাকে ৷

দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হোৱা থিয়নাম সমাৰোহত অসম তথা উত্তৰ বংগৰ থিয় নামৰ শিল্পীসকলে থিয় নাম, সন্ধিয়া অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহত তেজপুৰৰ সত্ৰীয়া কেন্দ্ৰৰ শিল্পীসকলে “ৰাম বিজয়” অংকীয়া ভাওনা আৰু খগেন গগৈয়ে টোকাৰী গীত, গোৱালপৰীয়া লোকনৃত্য আৰু সত্ৰীয়া নৃত্য পৰিবেশন কৰে ৷

আজি পুৱা নাম-প্ৰসংগ, সাংস্কৃতিক শোভাযাত্ৰা, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাসৰ নেতৃত্বত পালনাম সমাৰোহ ,  থিয়নাম সমাৰোহ অনুষ্ঠিত হোৱাৰ লগতে আবেলি  মুকলি সভা, স্মৰণিকা উন্মোচন অনুষ্ঠান, সন্ধিয়া সাংস্কৃতিক সমাৰোহ আৰু ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷