NORTHEAST NOW (Assamese)
অসম

মংগলদৈ মুখ্য ডাকঘৰত আজি মুকলি কৰা হ’ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমটো ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ

Posted by: ময়ূখ গোস্বামী February 10, 2018 9:09 pm
Passport

মংগলদৈ মুখ্য ডাকঘৰত আজি এটা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ মুকলি কৰা হয়।

ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰটো গুৱাহাটীৰ আঞ্চলিক পাৰপত্ৰ কাৰ্য্যালয়ৰ নিয়ন্ত্ৰণত পৰিচালিত হ’ব।

অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা কাম আৰম্ভ কৰিব লগা ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰটোৱে দৈনিক কমেও ১৫ গৰাকী পাৰপত্ৰ আবেদনকাৰীৰ আবেদন আৰু তথ্য-পাতি পৰীক্ষা কৰিব।

মঙলদৈৰ পুৰণি ভৱনটোত এই কেন্দ্ৰটো মুকলি কৰে মঙলদৈৰ সাংসদ ৰমেন ডেকাই।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম বোলা এই কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত ডাক আৰু অঞ্চলিক পাৰপত্ৰ কাৰ্য্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে আঞ্চলিক পাৰপত্ৰ বিষয়া লবচাং চেৰিং আৰু বিজেপিৰ দুই বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াও উপস্থিত থাকে।

বৰাক উপত্যকা আৰু ডিমা হাচাও জিলাক সেৱা আগবঢ়াব লগা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাৰপত্ৰ সেৱা কেন্দ্ৰ যোৱা বছৰ মাৰ্চত শিলচৰত মুকলি কৰা হৈছিল।

অসমত ৯টা পাৰপত্ৰ সেৱা কেন্দ্ৰ মুকলি কৰা হ’ব বুলি যোৱা বছৰ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ৱি কে’ সিঙে ঘোষণা কৰিছিল।