NORTHEAST NOW (Assamese)
অসম

গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2020 9:56 am
D9BKR3kWsAUq7oX

নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে বৃহস্পতিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ অলোচনাত মিলিত হয়।

সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আলোচনা হোৱা বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।

নতুন দিল্লীৰ কৃষ্ণ মেনন পথস্থিত শ্বাহৰ বাসগৃহত ডেৰ ঘণ্টাজোৰা চলা বৈঠকত গৃহ মন্ত্ৰীয়ে অসমৰ আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি মুখ্য মন্ত্ৰীক আশ্বাস প্ৰদান কৰে।

ইয়াৰ উপৰি গুৱাহাটীত আজিৰ পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া যুথ গেইমছৰ প্ৰস্তুতি তথা সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈও পৰ্যালোচনা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মাত্ৰ এমাহৰ ভিতৰতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুবাৰকৈ অসম ভ্ৰমণ বাতিল হোৱাক লৈ অসন্তুষ্ট হৈ পৰিছে কেন্দ্ৰ। সেয়ে এই সন্দৰ্ভত আলোচনা কৰিবলৈ গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰৰ আলোচনাখন জৰুৰীভাৱে অনুষ্ঠিত কৰা বুলি এটা সূত্ৰই জনায়।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপানৰ সন্মিলন কা বিৰোধী আন্দোলনৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ বাতিল হৈছিল মোদীৰ। আৰু শেহতীয়াকৈ খেলো ইণ্ডিয়াৰ শুভাৰম্ভ কৰিবলৈ গুৱাহাটী অহাৰ কথা আছিল যদিও প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকাত দ্বিতীয়বাৰৰ বাবে বাতিল হয় প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ।