NORTHEAST NOW (Assamese)
অসম

“নিবনুৱা” RTI কৰ্মী দুলাল বৰাৰ ঘৰৰ পৰা ৩৫ লাখ টকীয়া গাড়ী জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2020 9:22 am
DulalBora

ব্লেক মেইলিঙৰ অভিযোগত ৰঙাঘৰৰ ভাত খাই থকা RTI কৰ্মী দুলাল বৰাৰ বাসগৃহৰ পৰা চি আই ডিয়ে ১১ জানুৱাৰিত প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ী জব্দ কৰিছে।

তথ্য জনাৰ অধিকাৰ আইনখনৰ অপব্যৱহাৰেৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগত বৰাক ৭ ডিচেম্বৰত মহানগৰৰ হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ১১ জানুৱাৰিত বৰাক চি আই ডিয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে।

বিশেষকৈ বন বিভাগৰ বহু বিষয়াক দীৰ্ঘ দিনৰ পৰা ব্লেকমেইলিং কৰি বিতৰ্কিত আৰ টি আই কৰ্মী বৰাই নিয়মীয়াকৈ ধন লাভ কৰি আহিছিল বুলি তদন্তত পোহৰলৈ আহিছে।

আয়ৰ কোনো স্পষ্ট উৎস নথকা বৰাৰ কেইবাখনো বিলাসী গাড়ী আৰু প্ৰচুৰ সম্পত্তি থকা বুলি তদন্তকাৰী বিষয়াৰ এটা সূত্ৰই কয়।

ধন দাবী কৰি নোপোৱা বাবে বন বিভাগৰ বহুকেইজন বিষয়াৰ বিৰুদ্ধে বৰা ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ আনিছে কেইবাজনো ভুক্তভোগী বন বিষয়াই।

বৰাৰ ব্লেকমেইলিঙৰ বলি হোৱা ৰেঞ্জাৰ ৰবীন কুমাৰ বৈশ্যৰ অভিযোগৰ ভিত্তিত চি আই ডিয়ে বৰ্তমান তদন্ত চলাই তেওঁক জিম্মাত লৈছে। বৈশ্যক বৰাই ১০ লাখ টকা দাবী কৰি আহিছিল বুলি অভিযোগত উল্লেখ।

বৈশ্যৰ উপৰি বিতৰ্কিত আৰ টি আই কৰ্মীজনৰ বিৰুদ্ধে আন কেইবাজনো বিষয়াই চি আই ডিত দিয়া কেইবাটাও অভিযোগ আছে। ৰেঞ্জাৰ বাবুল দাস, ৰেঞ্জাৰ ডালিম দাস, ৰেঞ্জাৰ পংকজ কলিতা, ফৰেষ্টাৰ ৰাহুল বৰ্মন আদিকে ধৰি কেইবাজন বিষয়াই তেওঁৰ ষড়যন্ত্ৰ তথা ব্লেকমেইলিঙৰ বলি হোৱা বুলি অভিযোগ দাখিল কৰিছে।

এটা সূত্ৰত প্ৰকাশ যে বৰাই বন বিভাগৰে কিছুমান কৰ্মচাৰীৰ সহায়ত নিয়মীয়াকৈ বিষয়াসকলৰ পৰা ধন সংগ্ৰহত কৰি আহিছিল। মধ্যস্থতাকাৰী, আৰু ধন যোগান দি অহাসকলক অচিৰেই আৰক্ষীয়ে ধৰিব পাৰে বুলি সূত্ৰটোত প্ৰকাশ।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে দুলাল বৰাই বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫-ৰ অধীনত প্ৰায় ৭০হাজাৰ আৱেদন কৰিছিল।