NORTHEAST NOW (Assamese)
Popular Stories

মই চাংমাক চেল্যুট জনাইছো, কিন্তু আমাৰ মন্ত্ৰীসকল ভয়াতুৰ; তেওঁলোক মোদীৰ চাকৰ : জুবিন গাৰ্গ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 11:39 am

“চাওক কেনেদৰে তেওঁ কৈছে। মই চাংমাক চেল্যুট জনাইছো। কিন্তু আমাৰ মন্ত্ৰীসকল ভয়াতুৰ। তেওঁলোকে ক’ব নোৱাৰে, তেওঁলোক মোদীৰ চাকৰ। আমি ইয়াক ভাঙিব লাগিব।” এইদৰে নিজৰ ফেচবুকত মন্তব্য কৰিছে ‘কা’ আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

জুবিনে এইদৰে নিজৰ ফেচবুকত উল্লেখ কৰি লগত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। আচলতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ে অসমক নাগৰিকত্ব (সংশোধন) আইনৰ আওতাৰ বাহিৰত ৰাখিবলৈ দাবী জনোৱাৰ বাবে জুবিনে তেওঁক প্ৰশংসা কৰে।

লগতে অসমৰ মুখ্য মন্ত্ৰী  তথা আন মন্ত্ৰীসকলে এই সন্দৰ্ভত জাতিৰ স্বাৰ্থত ৰাইজৰ পক্ষত মাত নমতাৰ বাবে জুবিনক ফেচবুক প’ষ্টটোত “তেওঁলোক মোদীৰ চাকৰ’ বুলি ক্ষোভ প্ৰকাশ কৰা যায়।

উল্লেখযোগ্য ১১ জানুৱাৰীত এখন সভাত মেঘালয়ৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কৈছিল, “নাগালেণ্ড, মণিপুৰ, অৰুণাচলক এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। কিন্তু অসমক ৰখা হোৱা নাই, আমি অসমকো এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে দাবী জনাইছো।”

লগতে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ জনতাক একে সুৰক্ষা দিব লাগে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল।