NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যিক বিজেপিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হ’ল ড০ মানিক সাহা

Posted by: তন্ময় চক্ৰৱৰ্তি Updated by: তন্ময় চক্ৰৱৰ্তি January 15, 2020 6:46 pm
manik saha

ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হ’ল ড০ মানিক সাহা। বুধবাৰে দুপৰীয়া বিজেপিৰ সাংগঠনিক নিৰ্বাচন সমিতিয়ে এক সংবাদমেলৰ জৰিয়তে মানিক সাহাৰ নামটো ঘোষণা কৰে।

সাংগঠনিক নিৰ্বাচন সমিতি পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱট, উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী মহেন্দ্ৰ সিং, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেব, উপ মুখ্য মন্ত্ৰী জিষ্ণু দেববৰ্মন আৰু সাংসদ প্ৰতিমা ভৌমিকে আজিৰ সংবাদমেলখনত উপস্থিত থাকে।

২০১৬ চনৰ জানুৱাৰিত ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ অধ্যক্ষ ৰূপে দায়িত্ব লোৱা বৰ্তমানৰ মুখ্য মন্ত্ৰী বিপ্লব দেবে মানিক সাহাক আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ প্ৰদান কৰে।

উল্লেখ্য যে বিপ্লব দেবৰ নেতৃত্বতে বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। দেবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনত বিজেপিৰ ভোট ২ শতাংশৰো কম আছিল।

নৱ নিযুক্ত সভাপতি সাহাক উদ্দেশ্যি মুখ্য মন্ত্ৰী দেবে কয়, ‘২০১৮ৰ বিধনসভা নিৰ্বাচনত বিজেপিয়ে ৩৬ খন আসন লাভ কৰি ২৫ বছৰীয়া মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰক ওফৰাই পেলাইছিলো। মই আশা কৰিছো সাহাৰ নেতৃত্বত আমাৰ দলে ৩৬ৰ পৰা ৬০ লৈ আসনৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব’।

ইফালে সাহাই কাৰ্যকৰ্তাৰ সৈতে মিলি দলৰ উত্তৰণত সৰ্বোচ্চ উজাৰি দিব বুলি উল্লেখ কৰে।

উল্লেখ্য যে বৰ্তমান ত্ৰিপুৰা ক্ৰিকেট এছ’চিয়েচনৰ সভাপতি হৈ থকা মানিক সাহাই ২০১৬ চনত বিজেপি দলত যোগদান কৰিছিল।

বিজেপিৰ ৰাজ্যিক নেতা ড০ অশোক সিনহা আৰু বিধায়ক চম্বু লাল চাকমাক ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যৰূপে নিৰ্বাচিত কৰা হয়।