NORTHEAST NOW (Assamese)
অসম

কিয় এইবাৰ গান কমকৈ গাব শিল্পী মহেন্দ্ৰ হাজৰিকাই?

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ January 17, 2020 2:23 pm
20200117_124930

পহিলা মাঘৰ দিনা ঐতিহাসিক ৰংঘৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত গাই থকাৰ মাজতে শিল্পীৰ ওপৰত জিএছটি লগোৱা সন্দৰ্ভত মন্তব্য কৰি  গণশিল্পী মহেন্দ্ৰ হাজৰিকাই কয়, ‘এইবাৰ গান কমকে গাম, যিহেতু এতিয়া জিএছটি আহি গ’ল। মোৰ টেনশ্যন বাঢ়ি গ’ল এতিয়া’।

‘মোৰ গাঁৱৰ ঘৰত তিনিটা ভঁড়াল আছিল। সেই সময়ত জিএছটি কথা নাই’। বৰগীত নাগাবি, বনগীত নাগাবি, বিহুগীত নাগাবি জিএছটি লাগিব বুলি এটা নতুন গান লিখাৰ কথাও ক’লে মহেন্দ্ৰ হাজৰিকাই।

তেওঁ কয় অসমীয়া জাতি সংস্কৃতিৰে ভৰপূৰ, ইয়াত কিহৰনো জিএছটি। মই মোৰ নিজৰে ঠিকনা বিচাৰি নাপাও, মেঘৰ আঁৰে আঁৰে থাকো, চৰকাৰেনো ক’ত মোক বিচাৰি পাব। মোৰ জিএছটি ৰাইজে দিব বুলি মন্তব্য কৰে মহেন্দ্ৰ হাজৰিকাই।

আনহাতে, কুসুম কৈলাশ আৰু মন্টুমণিয়ে কয় কা’ বিৰোধী আন্দোলনত শিল্পী সমাজে অংশ গ্ৰহণ কৰাৰ বাবেই চৰকাৰে প্ৰতিশোধমূলকভাৱে শিল্পীৰ ওপৰত জিএছটি লগাই দিছে।

‘’আমি গীত গাই পোৱা টকা কেৱল আমিয়েই নলও। গীত গাই পোৱা টকাৰ ৩০ ভাগ বা ৪০ ভাগ হয়। তাৰ পাছত আমালৈ থাকেনো কিমান। আৰু যদি এতিয়া জিএছটি দিব লগীয়া হয় আমালৈ একোৱেই নাথাকিব,’’-এইদৰে মন্তব্য কৰে কুসুম কৈলাশ আৰু মন্টুমণিয়ে।