NORTHEAST NOW (Assamese)
অসম

২০২০ বৰ্ষৰ শুভ আৰম্ভণি; ইছৰোই সফলতাৰে উৎক্ষেপন কৰিলে জি-ছেট-৩০ উপগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2020 10:18 am
ISRO story

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই শুকুৰবাৰে ২০২০ বৰ্ষৰ প্ৰথমটো পদক্ষেপ হিচাপে সফলতাৰে জি-ছেট-৩০ উপগ্ৰহ মহাকাশলৈ উৎক্ষেপন কৰে।

দূৰদৰ্শনৰ সম্প্ৰচাৰ, উপগ্ৰহীয় বাতৰি সংগ্ৰহ আৰু মূলত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এই উপগ্ৰহই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ইছৰোই প্ৰকাশ কৰে।

ইউৰোপীয় বাণিজ্যিক উৎক্ষেপক এৰিয়েন স্পেচৰ জৰিয়তে জি-ছেট-৩০ উপগ্ৰহটো উৎক্ষেপন কৰা হয়।

উল্লেখযোগ্য যে, ইছৰোৰ অধ্যক্ষ কে শিৱানে ইংৰাজী নৱ বৰ্ষৰ পহিলা দিনটোতে ২০২০ চনত ইছৰোৰ ভালেমান গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়ে ৰাজহুৱা কৰিছিল।

শিৱানে তামিলনাডুৰ থুথুকুড়ীত নতুন মহাকাশ বন্দৰ প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে চন্দ্ৰযান-৩ৰ বাবেও ইছৰোই ২০২০ বৰ্ষত প্ৰস্তুতি আৰম্ভ কৰিব বুলি জনিবলৈ দিছিল।

আনহাতে, ২০২০ বৰ্ষত গগনযানৰ বাবে বাচনি কৰা চাৰিগৰাকী মহাকাশচাৰীক প্ৰশিক্ষণৰ বাবে পঠোৱা হ’ব বুলিও মত প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বিগত সময়ছোৱাত সফলতাৰে উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।