NORTHEAST NOW (Assamese)
অসম

সেনাই আয়োজন কৰা নিয়োগ প্ৰশিক্ষণ সমাৱেশক ৰাইজৰ প্ৰশংসা

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী January 19, 2020 4:48 pm
IMG-20200119-WA0011-750x375

ভাৰতীয় সেনাই যোৱা ২০১৯ৰ ১ নৱেম্বৰৰ পৰা উজনি অসমৰ তিনিচুকীয়া জিলাৰ যুৱকসকলৰ বাবে এক প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ আয়োজন কৰিছে।

বৰ্তমান তেওঁলোকক তেওঁলোকৰ সেনা বাহিনীত যোগদানৰ সপোন পূৰণ কৰাৰ বাবে লেখাপানী, ডিগবৈ আৰু ৰূপাইত সেনাই স্থাপন কৰা বিশেষ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দি থকা হৈছে।

সৈনিক হোৱাৰ অভিপ্ৰায় ৰখা এক বুজন সংখ্যক ডেকা ল’ৰা এই শিৱিৰসমূহত শাৰিৰীক তথা লিখাৰ দক্ষতাৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে যাতে তেওঁলোকে ১৯ জানুৱাৰিৰ পৰা ২৪ জানুৱাৰিলৈকে তেজপুৰত অনুষ্ঠিত নিযুক্তি সমাৱেশত নিৰ্বাচিত হ’বলৈ সক্ষম হয়।

সেনাৰ এনে প্ৰচেষ্টাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে কিয়নো পূৰ্বতে প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰতিৰক্ষা বাহিনীত যোগদান কৰা যুৱকসকল এতিয়া তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে আদৰ্শ ব্যক্তি হৈ পৰিছে।