NORTHEAST NOW (Assamese)
অসম

বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনৰ সভাত “কা” বিৰোধী শ্লোগান : মুখ্য অতিথিৰ প্ৰতিক্ৰিয়া

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস January 20, 2020 4:41 pm
WhatsApp Image 2020-01-20 at 12.21.35 PM

বৰপেটা জিলাৰ মইনবড়িৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দেওবাৰে নিশা অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ সভাত “কা” বিৰোধী শ্লোগান দিয়া কাৰ্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(আথেৱালে)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে ৷

সংবাদ মাধ্যমৰ আগত ৰেজাউল কৰিমে কয় যে, কালি মইনবড়িৰ ছানৰাইজ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনৰ সভাত তেওঁ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিছিল ৷

বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ লগতে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰা বুলি তেওঁ জনায় ৷

ভাষণ শেষ কৰি মঞ্চৰ পৰা নামি অহাৰ সময়ত একাংশ লোকে তেওঁক আগভেটি ধৰে আৰু বিভিন্ন শ্লোগান দিয়ে আৰু আৰক্ষীৰ সহায়তহে তেওঁ সেই স্থানৰ পৰা আহিবলৈ সক্ষম হোৱা বুলি কয় ৷

আৰ পি আই দলৰ উত্থানত কংগ্ৰেছ দলে শংকিত হৈ পৰিকল্পিতভাবে এই কাম কৰা বুলি ৰেজাউল কৰিমে অভিযোগ কৰে৷

এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷