NORTHEAST NOW (Assamese)
অসম

মহানগৰীত অটোৰিক্সাত উদ্ধাৰ যুৱকৰ মৃতদেহ; হত্যাৰ অভিযোগ পৰিয়ালৰ

Posted by: এন ই নিউজ, গুৱাহাটী Updated by: এন ই নিউজ, গুৱাহাটী October 28, 2023 2:47 pm

মহানগৰীৰ উজান বজাৰ অঞ্চলত শনিবাৰে পুৱা অটোৰিক্সাত এজন ২৬ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিহত য়ুৱকজনক ৰূপম দাস বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁৰ ঘৰ গুৱাহাটীৰ খাৰঘুলি অঞ্চলৰ সমীপৰ বেলতলত বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

পৰিয়ালৰ লোকৰ মতে ড্ৰাগছ আসক্তিৰ সৈতে যুঁজি থকা ৰূপমক কিছুদিনৰ পৰা পুনৰ্বাসন কেন্দ্ৰত ৰখা হৈছিল। শেহতীয়াকৈ দুৰ্গা পূজাৰ সময়ত তেওঁক ঘৰলৈ অনা হৈছিল।

লগতে পঢ়কঃ ক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪ বজাত ৰূপম ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰাতি ঘূৰি অহা নাছিল। তেওঁৰ পৰিয়ালে তেওঁক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে যদিও আৰক্ষীয়ে এতিয়াও এই কথা নিশ্চিত কৰা নাই।

লতাশিল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।