NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটত মহিলাৰ প্ৰস্ৰাৱগাৰত সোমাল কংগ্ৰেছ নেতা ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2020 4:59 pm
Rahul Gujrat Story

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে গুজৰাটত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণেৰে বিজেপি বিৰোধী সভা অনুষ্ঠিত কৰি আহিছে।

চোটা উদেপুৰ জিলাৰ এখন প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে ভুলবশত মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰবেশ কৰাৰ পূৰ্বলৈ গুজৰাটত ৰাহুল গান্ধীৰ সভা সমূহ এইবাৰ সমালোচনা মুক্ত আছিল।

ৰাহুল গান্ধীয়ে গুজৰাটৰ চোটা উদেপুৰ জিলাত ‘সংবাদ’ কাৰ্য্যসূচী উপলক্ষে যুৱ সমাজৰ লগত মত বিনিময়ৰ উদ্দেশ্যে উপস্থিত হৈছিল।

অনুষ্ঠানৰ শেষত ৰাহুল গান্ধীয়ে প্ৰস্ৰাৱগাৰলৈ যোৱাৰ সময়ত ভুলতে মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে।

পৰৱৰ্তী সময়ত ভুল বুজি ৰাহুল গান্ধীয়ে মহিলাৰ প্ৰস্ৰাৱগাৰৰ পৰা ওলাই আহে আৰু পুৰুষৰ প্ৰস্ৰাৱগাৰলৈ যায়।

ৰাহুল গান্ধী ওলাই অহাৰ লগে লগে সভাস্থলীত উপস্থিত ৰাইজৰ মাজত হাহিৰ ৰোল উঠে আৰু সভাত উপস্থিত সংবাদ মাধ্যমে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে।

উল্লেখযোগ্য যে, এই ক্ষেত্ৰত ৰাহুল গান্ধীৰো কোনো ভুল নাই কাৰণ প্ৰস্ৰাৱগাৰৰ বাহিৰত কোনোধৰণৰ পুৰুষ আৰু মহিলাক বুজোৱাৰ বাবে চিহ্ন ব্যৱহাৰ কৰা হোৱা নাছিল কেবল গুজৰাটী ভাষাতহে পুৰুষ আৰু মহিলা বুলি লিখা আছিল।

ৰাহুল গান্ধীয়ে মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰবেশ কৰাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত উপলব্ধ হোৱাৰ পাছতে ই ভাইৰেল হৈ পৰে।

বহু সংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীক সমালোচনা কৰিলেও বহুতে আকৌ প্ৰস্ৰাৱগাৰত পুৰুষ-মহিলাৰ চিহ্ন ব্যৱহাৰ কৰিব লাগে বুলি ৰাহুলৰ সমৰ্থনত ঠিয় দিয়ে।