NORTHEAST NOW (Assamese)
অসম

চুপাৰি ব্যৱসায়ী আব্দুল হান্নানৰ কৰ্মচাৰীয়ে অনা অভিযোগ খণ্ডন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 23, 2021 6:24 am
SMSS press meet

চুপাৰি ব্যৱসায়ৰে জড়িত  আব্দুল হান্নান ওৰফে বাবলুৰ সপক্ষে সংবাদ মেল সম্বোধন কৰি বুধবাৰে বাবলুৰ কৰ্মচাৰীয়ে অখিল গগৈয়ে তিনি কোটি টকা দাবী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ পিছত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাল মেল যোগে উভতি ধৰিলে আব্দুল হান্নান আৰু বাবলুৰ সমৰ্থক কৰ্মচাৰী সকলক।

অখিল গগৈৰ বিৰুদ্ধে তিনি কোটি দাবীৰ অভিযোগ এসপ্তাহৰ ভিতৰত তথ্য প্ৰমাণ সহ দাখিল কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ  শইকীয়াই।

অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দল আদালতৰ কাষ চাপিব বুলি সকীয়নী প্ৰদান কৰে।

একেখন সংবাদ মেলতে এনকাউণ্টাৰ সম্পৰ্কত স্থিতি স্পষ্ট কৰে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰি তথ্য প্ৰমাণ নোহোৱা কৰিবৰ কাৰণেহে আৰক্ষীয়ে এনকাউণ্টাৰৰ আশ্ৰয় লৈছে বুলি অসম আৰক্ষীৰ বিৰুদ্ধে আন এক অভিযোগ কৰে।

পুঠি খলিহনাক ধৰি ৰৌ বৰালিক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে বুলি আন এক অভিযোগ আনে  বিদ্যুৎ শইকীয়াই ।

অতদিনে ব্যৱসায় চলাই থকা বাবলুৰ মূৰৰ ওপৰত অসম আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ আৰ্শীবাদ আছিল বুলি কয় ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে।