NORTHEAST NOW (Assamese)
অসম

কা বাতিলৰ দাবীত বৰগোলাইৰ পৰা লিডুলৈ যুৱ ছাত্ৰৰ বৃহৎ জোঁৰ সমদল

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ January 21, 2020 8:36 pm
IMG-20200121-WA0054

সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আজি সন্ধিয়া মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্পৰ খেল পথাৰৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আহ্বানত ওলাই আহে কেইবা শতাধিক প্ৰতিবাদী জনতা।

সমবেত জনতাই বৰগোলাইৰ পৰা লিডু পৰ্য্যন্ত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

কা প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, কা আমি নামানো, কা আমাক নালাগে, জয় আই অসম, হিমন্ত বিশ্ব মুৰ্দাবাদ, বিজেপি গ’ বেক, আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

যুৱ ছাত্ৰৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়, ‘দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কালিলৈ আশা কৰো অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে ৰায় দিব’৷

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা বৰাই আৰু কয় যে অসমৰ খিলঞ্জীয়া জনতাৰ অস্তিত্ব বিপন্ন কৰিব পৰা কলা আইনখন কাৰ্যকৰী কৰিব বিচাৰিছে। আইনী যুদ্ধৰ সমান্তৰালকৈ প্ৰতিবাদ অব্যাহত থাকিব বুলিও নেতাজনে স্পষ্ট কৰি দিয়ে।