NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস পালন ক্ৰীড়া আৰু সংস্কৃতি বিকাশ মঞ্চ, অৰৰাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 10:01 pm

ক্ৰীড়া আৰু সংস্কৃতি বিকাশ মঞ্চ, অৰৰাৰ কৰ্মকৰ্তা সকলে আজি অনুষ্টুপীয়াভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰে।

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে বিষ্ণু ৰাভাক স্মৰণ কৰে সংগঠনটোৰ কৰ্মকৰ্তা সকলে।

মুখত মাস্ক পিন্ধি আৰু সামাজিক দূৰত্ব বজাই ৰাখি ক্ৰীড়া আৰু সংস্কৃতিক বিকাশ মঞ্চ, অৰৰাৰ কৰ্মকৰ্তা সকলে সন্ধিয়া বিষ্ণুৰাভাৰ আলোকচিত্ৰত পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰে বিষ্ণু ৰাভাক স্মৰণ কৰি অসমীয়া সমাজ জীৱনলৈ তেখেতৰ অৱদান সম্পৰ্কে চৰ্চা কৰে।

উল্লেখযোগ্য যে, ২০১১ চনৰ পৰা ক্ৰীড়া আৰু সংস্কৃতিক বিকাশ মঞ্চ অৰৰাই অভিৰাম প্ৰাথমিক বিদ্যালয় প্ৰাংগনত প্ৰতিবছৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰি আহিছে।

‘‘সংগীত, চিত্ৰকলাৰ মাজেৰে উলহ-মালহেৰে বিষ্ণু ৰাভা দেৱক স্মৰণ কৰাৰ মন আছিল যদিও ক’ৰ’নাৰ সংক্ৰমণৰ বাবে এইবৰ্ষত আমি আমাৰ সকলো কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো,’’ এগৰাকী কৰ্মকৰ্তাই কয়।

উল্লেখযোগ্য যে, এইবেলি উলহ-মালহেৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰিব নোৱাৰিলেও ক্ৰীড়া আৰু সংস্কৃতিক বিকাশ মঞ্চ, অৰৰাৰ শিক্ষা গোটে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ সহায় হোৱাকৈ উচ্চতৰ মাধ্যমিক শাখাত অনলাইন  নাম ভৰ্তিৰ ক্ষেত্ৰত হেল্প ডেস্কৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে, সংগঠনটোৰ সদস্য সকলে অসমৰ ৰাইজক ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ কঠোৰভাৱে পালনৰ বাবেও আহ্বান জনায়।