মন্ত্ৰী-বিধায়কৰ ছত্ৰছায়াত ৰাজ্যত চলি আছে চুপাৰিৰ বৃহৎ ছিণ্ডিকেট : অখিল গগৈ

ৰাজ্যত কয়লাৰ ছিণ্ডিকেটে তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ দেশৰ লগতে সমগ্ৰ অসমত চুপাৰি ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈয়ে।
আজি গোলাঘাটত এক সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি কৃষক নেতা গৰাকীয়ে কয় যে সম্পূৰ্ণ অবৈধ ভাৱে চলা উক্ত চুপাৰি ছিণ্ডিকেট মন্ত্ৰী-বিধায়কৰ লগতে একাংশ চৰকাৰী বিষয়াও জড়িত আছে।
গোলাঘাট আৰু বৰাকৰ পৰা চুপাৰিৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ অভিযোগ কৰি অখিল গগৈয়ে কয় যে ম্যানমাৰ তথা ইণ্ডোনেছিয়াৰ পৰা অবৈধ ভাৱে অসমলৈ চুপাৰিৰ সৰবৰাহ কৰা হয়।
এই সমগ্ৰ ছিণ্ডিকেটৰ মূল নায়ক গোলাঘাটৰ আব্দুল হান্নান ওৰফে বাবলু আৰু বৰাকৰ দীপাংকৰ দেৱ আৰু অঞ্জন পাল বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।
শুল্ক কৰ, জি এছ টি আদি কোনোধৰণৰ কৰ নিদিয়াকৈ মাত্ৰ ১% কৃষি বিপণনৰ উপ কৰ দি ম্যানমাৰৰ ডাঙৰ বগা চুপাৰি অবৈধ ভাৱে অসমলৈ আনি সেই চুপাৰি সমূহত ৰঙা ৰং ঢালি অসমৰ সৰু চুপাৰিৰ দৰে কৰি দেশৰ লগতে ৰাজ্যখনত চুপাৰিৰ চোৰাং বেহা মেলিছে চুপাৰিৰ মাফিয়া সকলে।
ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী, এগৰাকী বিধায়ক আৰু কৃষি বিপণন পৰিষদৰ একাংশ বিষয়াই চুপাৰিৰ মাফিয়াৰ লগত মিতিৰালি কৰি বৃহৎ ধনৰ বিনিময়ত এই ৰমৰমীয়া বেহা চলাই যোৱাৰ সুবিধা কৰি দিয়া বুলি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে।
আনহাতে অহা এমাহৰ ভিতৰত যদি চৰকাৰে ৰাজ্যখনত চুপাৰিৰ ছিণ্ডিকেট বন্ধ নকৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজে চুপাৰিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।