NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ অগ্নিকাণ্ড ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2020 6:34 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীত আজি সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ শিশু অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰীয়ে শিশুদুটিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মহানগৰীৰ ৱায়াৰলেছৰ বশিষ্টপুৰৰ এক নম্বৰ উপপথত আজি নিজ গৃহতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত দুটি শিশু আৱদ্ধ হৈ পৰিছিল। মুহূৰ্ততে জুইয়ে আৱৰি ধৰা ঘৰটোত উপায়হীন শিশু দুটিয়ে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়।

অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰোৱা শিশু দুটিৰ নাম ইশান গোস্বামী (৪) আৰু ইবন গোস্বামী (৭)। তেওঁলোক পিতৃ তুষাৰ গোস্বামী আৰু মাতৃ শিল্পী গোস্বামী। নিহত শিশু দুটি গুৱাহাটী শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ আছিল।

মুখ্য মন্ত্ৰীয়ে এক বিবৃতিযোগে অগ্নিকাণ্ডৰ ঘটনা তদন্ত কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক নিৰ্দেশ দিছে।