NORTHEAST NOW (Assamese)
অসম

আছুৱে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আঁতৰালে ইংৰাজী আৰু হিন্দী ভাষাৰ নামফলক

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ January 23, 2020 7:28 pm
Screenshot_20200123_181342

অসম চৰকাৰী ভাষা আইন ১৯৬০ কাৰ্যকৰী কৰি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক চৰকাৰী সকলো কামকাজত অসমীয়া লিপি ব্যৱহাৰ কৰাৰ লগতে আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলক অসমীয়া ভাষাত লিখিবলৈ আজিৰ পৰা ১০ দিন পূৰ্বে আহ্বান জনাইছিল আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে।

কিন্তু ১০ দিনৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়াত কৰিবলৈ দাবী জনাইছিল যদিও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এইক্ষেত্ৰত নিজাকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে।

সেয়েহে, যি সকল ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা অন্য ভাষাৰ নামফলক ব্যৱহাৰ হৈ  আহিছিল সেই সকলোবোৰ নামফলকত সংগঠনটোৱে আজি ফালি কলা ৰং লগায়।

মাৰ্ঘেৰিটা আছুৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই মাৰ্ঘেৰিটা বজাৰৰ মাজ-মজিয়াত প্ৰায় সংখ্যক ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ইংৰাজী, হিন্দী লিখা নামফলক সমূহ আঁতৰাই দিয়ে৷

উল্লেখ্য যে পূৰ্বৰ অসম শাসকীয় ভাষা অধিনিয়মখন “অসম চৰকাৰী ভাষা আইন’১৯৬০” নামেৰে সেই চনৰে ২৪ অক্টোবৰ তাৰিখে অসম বিধান সভাত গৃহীত হয় আৰু ১৭ ডিচেম্বৰত ৰাজ্যপালৰ অনুমোদনৰ পাচত ১৯ ডিচেম্বৰৰ “অসম ৰাজপত্ৰ(অসাধাৰণ)ত প্ৰকাশ পায়।

এই আইনৰ ধাৰা “৩” মতে অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বা যিকোনো চৰকাৰী কামত অসমীয়া ব্যৱহৃত হ’ব আৰু কাছাৰ জিলাত অনুৰূপ কামৰ বাবে বঙালী ভাষা ব্যৱহৃত হ’ব।

অৱশ্যে স্বায়ত্ত্বশাসিত জিলাৰ বাবে প্ৰায়োগিক সুবিধাৰ হেতু ইংৰাজী ভাষাৰ পোষকতা কৰা হয়৷ এই আইনৰ ১(৩) উপচ্ছেদ মতে সমগ্ৰ অসমত ১৮/১২/১৯৭০ তাৰিখৰ ভিতৰত এই আইনখন সম্পূৰ্ণৰূপে বলবৎ হ’বলৈ নিদেৰ্শ দিয়া হৈছিল যদিও পৰিতাপৰ বিষয় যে আইনখনে  ধাৰ্য কৰা সময়সীমা উকলি যোৱা পাছতো অসমত কিন্তু চৰকাৰী কাৰ্যালয়ত নিজৰ ভাষা প্ৰয়োগ হৈ নুঠিল।

Screenshot_20200123_181403
ফটো: নৰ্থইষ্ট নাও

আনহাতে, মাৰ্ঘেৰিটাৰ  ফুটপাথ সমূহত অবৈধভাৱে ব্যৱসায় কৰি থকা ব্যৱসায়ী সকলক ১০ দিনৰ ভিতৰত ফুটপাথ মুকলি কৰিবলৈ দাবী জনাইছে আছুৱে।

ফুটপাথত অবৈধভাৱে গঢ়লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক মাৰ্ঘেৰিটা নগৰ সমিতিয়ে উচ্ছেদ কৰাৰ বিপৰীতে কৰ সংগ্ৰহ কৰি আহিছে।

উল্লেখ যে দীৰ্ঘদিনে মাৰ্ঘেৰিটা নগৰৰ ফুটপাথ সমূহ সম্পূৰ্ণ দখল কৰি একাংশ অনা অসমীয়া বেপাৰীয়ে ব্যৱসায় চলায় আহিছে। এইক্ষেত্ৰত মাৰ্ঘেৰিটা নগৰ সমিতিৰ একাংশ বিষয়ববীয়াক মেনেজ কৰি ব্যৱসায়ী সকলে ব্যৱসায় অব্যাহত ৰাখিছে বুলি গুৰুতৰ অভিযোগ উঠিছে।

অহা ১০ দিনৰ ভিতৰত এই ফুটপাথৰ ব্যৱসায়ী সকলক উচ্ছেদ নকৰিলে মাৰ্ঘেৰিটা আছুৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিছে।

এইক্ষেত্ৰত হ’ব লগা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ প্ৰশাসনে জগৰীয়া হ’ব বুলি আছুৱে আজি এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে।